বৰাকত অসমীয়া ভাষাৰ অপমানৰ বিৰুদ্ধে সৰৱ বীৰ লাচিত সেনা - বীৰ লাচিত সেনা
🎬 Watch Now: Feature Video

শিলচৰত অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপনত ক'লা ৰং সানি অসমীয়া ভাষাক অপমান কৰা কাণ্ডৰ বিৰোধিতাৰে তিতাবৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ ৷ অসমত অসমীয়া ভাষাৰ অপমান কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰি প্ৰতিবাদকাৰীসকলে BDYF আৰু বাঙালী ফেডাৰেশ্যন নামৰ সংগঠন দুটাৰ বেনাৰ দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই কাণ্ডৰ সৈতে জড়িতসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই অনাগত দিনত এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ বীৰ লাচিত সেনাৰ সদস্যসকলে সংগঠন দুটাক সকীয়াই দিয়ে ৷