লুৰীণ মোৰ সৰু ভাইঃ সুৰ সলালে বিপিন চাউদাঙে - শিল্পী বিপিন চাউদাঙে
🎬 Watch Now: Feature Video
অৱশেষত সুৰ সলালে শিল্পী বিপিন চাউদাঙে। দেহত শেষ বিন্দু তেজ থকালৈ কোনো ৰাজনৈতিক দলত যোগদান নকৰো বুলি মন্তব্য বিপিন চাউদাঙৰ । নলবাৰীৰ ঘগ্ৰাপাৰৰ এক সংগীতানুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে শিল্পীগৰাকীয়ে । লগতে কয় যে, ‘লুৰীণ মোৰ সৰু ভাই ৷ ভাই-ককাই দৰেই কথাৰ অলপ ইফাল সিফাল হৈছে । একো নাই, ইয়াৰ আগতো আমাৰ তেনে হৈছিল, হৈয়ে থাকে । ই একেবাৰে সাধাৰণ কথা । লুৰীণক ইতিমধ্যে অসমৰ ৰাইজে ভাবী মুখ্যমন্ত্ৰী বুলি মানিব লৈছে, মই ভাবো । গতিকে সৰু ভাই হিচাপে লুৰীনক মই শুভেচ্ছা জ্ঞাপন কৰিছো ।’
Last Updated : Feb 27, 2021, 6:51 AM IST