ৰঙালীৰ প্ৰস্তুতিৰ ব্যস্ত নলবাৰীৰ শান্তিপুৰৰ মহিলাসকল - ৰঙালীৰ প্ৰস্তুতিৰ ব্যস্ত নলবাৰীৰ শান্তিপুৰৰ মহিলাসকল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 13, 2021, 10:31 PM IST

ক’ভিডৰ ভয়াবহতাৰ মাজতে ৰঙালীক আদৰিবলৈ সাজু হৈছে প্ৰতিজন অসমীয়া ৷ ক’ৰবাত যদি ডেকা-গাভৰু বিহু নাচৰ আখৰাত ব্যস্ত, আন কোনো আকৌ ব্যস্ত বিহুৰ পিঠা-পনা বনোৱাত ৷ গৰু বিহুৰ আগদিনা নলবাৰীৰ শান্তিপুৰ কলনীত ঢেকীশালত ব্যস্ত হৈছে মহিলাসকল ৷ পিঠাগুৰি খুন্দাৰ পৰা পিঠাপনা বনোৱালৈকে ঢেকীশালতে চলিছে সকলো ৷ লগতে ঢেকীশালতে এফাঁকি বিহুগীত জুৰি হেঁপাহৰ ৰঙালীক আদৰিলে গৃহিণীসকলে ৷ আধুনিকতাৰ গ্ৰাসত হেৰাই যাব ধৰা ঢেকীৰ ব্যৱহাৰ কৰি ঢেকীশালতে এইদৰে কঁকাল ভাঙিলে এইসকল গৃহিণীসকলেও ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.