ভূপেন বৰা-ৰকিবুল হুছেইনক নেতাৰ কান্ধত উঠাৰ পৰামৰ্শ ভৱেশ কলিতাৰ - ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা
🎬 Watch Now: Feature Video
এইবাৰ অষ্টমীত ম'হৰ গাড়ী আৰু নৱমীত ই ৰিক্সাত উঠি উ- নিৰ্বাচনৰ প্ৰচাৰ চলায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷ কংগ্ৰেছ দলৰ এই নিৰ্বাচনী প্ৰচাৰক লৈ ৰঙিয়াত বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই ৷ তেওঁ এনেদৰে গৰু গাড়ী, ঘোঁৰা গাড়ীত উঠাটো কংগ্ৰেছৰ নিৰ্বাচনী নাটক বুলি আখ্যা দিয়ে । তেওঁ লগতে কয় যে, ৰিপুণ বৰা আৰু ভূপেন বৰাই গাড়ীত উঠি জীৱ-জন্তকেইটাক কষ্ট দিছে । দুয়োজনে তেওঁলোকৰ কোনোবা নেতাৰ কান্ধত উঠিব লাগিছিল । বৰাই লগতে কয় যে, ইন্ধনৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত অসম চৰকাৰৰ কোনো কৰণীয় নাই । ২০০ টকা হ’লে তিনিজন লোক উঠিব পৰা দুচকীয়া বাহন নিৰ্মাণ কৰাৰ কথাহে কোৱা বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে । ইয়াৰ লগতে উপ নিৰ্বাচনত মিত্ৰজোঁট জয়ী হ’ব বুলি উল্লেখ কৰে ভবেশ কলিতাই ৷