উৎকোচ লোৱা আৰু দিয়া একেই অপৰাধঃ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা - জলসিঞ্চন বিভাগৰ শাখা সহায়ক পদৰ পৰীক্ষা 2020

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 3, 2020, 9:40 PM IST

নলবাৰীত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মাৰ বাসগৃহত মা-মনসা পূজা ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে এই অনুষ্ঠানত উপস্থিত থাকে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী পিযুজ হাজৰিকা, সাংসদ কুইন ওজা, বিধায়ক নৱনিতা সন্দিকৈ, নাৰায়ণ ডেকা, জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাকে ধৰি অগপ নেতা অতুল বৰা ৷ এই অনুষ্ঠানতেই অংশগ্ৰহণ কৰি জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই শনি আৰু দেওবাৰে অনুষ্ঠিত হোৱা জলসিঞ্চন বিভাগৰ শাখা সহায়ক পদৰ পৰীক্ষাত বেমেজালি হোৱাৰ কথা খণ্ডন কৰি কয় যদিহে কোনোৱাই উৎকোচ লোৱা বা দিয়া কাৰ্যত লিপ্ত হৈছে তেন্তে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ ছ’চিয়েল মিডিয়াত এই বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.