thumbnail

By

Published : Jul 13, 2019, 11:13 AM IST

ETV Bharat / Videos

বটদ্ৰৱাত হিন্দু পৰিয়ালক মুছলমান যুৱকৰ সেৱা-শুশ্ৰূষা

বটদ্ৰৱা, ১৩ জুলাই: নগাঁও জিলাৰ বটদ্ৰৱাৰ বাবুল কলিতা নামৰ এজন চাহ দোকানী । লোক জনে ভগা চিগা দোকান এখনতে চাহ বিক্ৰী কৰি বছৰ বছৰ ধৰি কোনোমতে চাৰিজনীয়া পৰিয়ালটো পোহপাল দি আহিছিল । কিন্তু বৰ্তমান তেওঁ বৃক্ক ৰোগত আক্ৰান্ত হোৱাত সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে তেওঁৰ বৃক্ক । এটা বৃক্কৰে জন্ম গ্ৰহণ কৰা বাবুলে জীৱনৰ আধা বছৰ পাৰ কৰিলে যদিও এতিয়া যে সেই বৃক্কটো বিকল হৈ পৰাত বিচনাখনেই তেওঁৰ একমাত্ৰ সংগী হৈ পৰিছে । এতিয়া বাবুলৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ একমাত্ৰ ভৰসা হৈ পৰিছে এজন মুছলমান সম্প্ৰদায়ৰ যুৱক । মুছলমান হৈয়ো বাবুল আৰু জোনমণিক নিজৰ পিতৃ মাতৃ স্বৰূপে মানি আহিছে আলাল উদ্দিন নামৰ যুৱকজনে । যুৱক জনে দিনৰ দিনতো এই চাহৰ দোকান খনতে চাহ বিক্ৰী কৰি পোৱা সামান্য পৰিমণৰ টকাৰে এতিয়া চলাইছে এই দুৰ্ভগীয়া পৰিয়ালটোক । কিন্তু সেই সামান্য পৰিমানৰ টকা বাবুল কলিতাৰ চিকিৎসাৰ বাবে পয্যাপ্ত নহয় । সেইহে বাবুলৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত এই দূৰ্ভগীয়া পৰিয়ালটোৱে স্বাস্থ্য মন্ত্ৰী, বিধায়িকা আঙুৰলতা ডেকা আৰু অসমৰ ৰাইজৰ সহায়ৰ আশা কৰিছে । কোনো সদাশয় ব্যক্তি অথবা প্ৰতিষ্ঠানে বাবুল কলিতাক সহায় আগবঢ়াব বিচাৰিলে অসম গ্ৰামীন বিকাশ বেংক বটদ্ৰৱা শাখাৰ 7237010006022 একাউন্ট নম্বৰত সহায় আগবঢ়াব পাৰিব অথবা 8404061582 নম্বৰত যোগাযোগ কৰিব পাৰিব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.