হোজাই আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় এটিএম চুৰি চক্ৰৰ সদস্য
🎬 Watch Now: Feature Video
হোজাই আৰক্ষীৰ বৃহৎ সফলতা । এটিএম চুৰিৰে জড়িত দুটা গভাইত চোৰক আটক কৰিলে হোজাই আৰক্ষীয়ে । ধৃত চোৰকেইটা আন্তঃৰাষ্ট্ৰীয় এটিএম চুৰি চক্ৰৰ সক্ৰিয় সদস্য । ধৃত চোৰ দুটা হৈছে হোজাইৰ কামৰুল গণি আৰু হাৰিয়ানাৰ বিভান্দিৰ বিনোদ কুমাৰ । দুয়োকে মহাৰাষ্ট্ৰৰ আমদাপুৰৰ পৰা আটক কৰে আৰক্ষীয়ে । উল্লেখ্য যে, যোৱা ১৭ জুলাইৰ নিশা উদালী তিনিআলিস্থিত এটা এটিএম আৰু হোজাই বজাৰৰ এটা এটিএমত সংঘটিত চুৰিকাণ্ডৰে জড়িত দিলৱাৰ হুছেইন নামৰ আন্তঃৰাজ্যিক চক্ৰৰে জড়িত এটা চোৰক আটক কৰে হোজাই আৰক্ষীয়ে । পৰৰ্ৱতী সময়ত আৰক্ষীয়ে তদন্ত চলাই চুৰি চক্ৰটোৰ বিশেষ কেতবোৰ তথ্য লাভ কৰে । আন্তঃৰাষ্ট্ৰীয় চুৰি চক্ৰৰ নিৰ্দেশতে এনে চুৰিকাণ্ড সংঘটিত হৈ থকাৰ বিষয়ে তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলে । ইয়াৰ উপৰিও পোহৰলৈ আহে যে, চুৰি চক্ৰটোৱে মহাৰাষ্ট্ৰৰ আমদাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত এটিএম চুৰি কৰাৰ পৰিকল্পনা কথা । এই সমগ্ৰ তথ্য পোহৰলৈ অহাৰ পাছতেই হোজাই আৰক্ষীয়ে লংকা আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত মহাৰাষ্ট্ৰৰ আমদাপুৰ আৰক্ষীৰ সহায়ত দুয়োটা চোৰকে আটক কৰিবলৈ সক্ষম হয় । বৰ্তমান এই সন্দৰ্ভত হোজাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।