thumbnail

By

Published : Dec 31, 2021, 12:10 PM IST

ETV Bharat / Videos

Ratna Ojha death anniversary : বৰপেটাত কলাৰত্ন ৰত্ন ওজাৰ দ্বিতীয় সংখ্যক মৃত্যু দিৱস পালন

বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যতে কলাৰত্ন ৰত্ন ওজাৰ দ্বিতীয় সংখ্যক মৃত্যু দিৱস পালন কৰা হয়(Death Anniversary of Ratna Ojha) ৷ সমান্তৰালভাৱে বৰপেটা জিলাতো পালন কৰা হয় কলাৰত্ন ৰত্ন ওজাৰ দ্বিতীয় সংখ্যক মৃত্যু দিৱস (Assamese dramatist Ratna Ojha death anniversary observed) ৷ বৰপেটাৰ সু সন্তান কলাৰত্ন ৰত্ন ওজাৰ মৃত্যু দিৱস উপলক্ষে বৰপেটা সত্ৰৰ সন্মুখত অসম নাট্য সন্মিলনৰ বৰপেটা শাখাৰ উদ্যোগত আৰু বৰপেটাৰ তাঁতীকুছিবাসীৰ সহযোগত এখনি বাটৰ নাট আয়োজন কৰা হয় ৷ বৰপেটাত অসম নাট্য সন্মিলনৰ উপ-সভাপতি হৰেকৃষ্ণ দাসে ৰচনা আৰু সৈত্যেন দাসে পৰিচালনা কৰা " নখান্দাপৰীয়া ৰত্নকাই" নামৰ বাটৰ নাটখন ৰত্ন ওজাৰ দ্বিতীয় সংখ্যক মৃত্যু দিৱস উপলক্ষে মঞ্চস্থ কৰা হয় ৷ উল্লেখ্য যে, অসমত বাটৰ নাট ৰূপায়নৰ বাটকটীয়া আছিল ৰত্ন ওজা ৷ ৰত্ন ওজাৰ পৰিকল্পনাত 1971 চনত দীঘলীপুখুৰীৰ পাৰত প্ৰথম বাটৰ নাট "ককাইদেউ" মঞ্চস্থ কৰা হৈছিল (Father of street play) ৷ 2005 চনত নটসূৰ্য বঁটা আৰু ভূপেন হাজৰিকা বঁটা লাভ কৰিছিল ৰত্ন ওজাই ৷ লগতে কলাৰত্ন সন্মানৰো অধিকাৰী আছিল বৰপেটাৰ সু সন্তান কলাৰত্ন ৰত্ন ওজা ৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.