thumbnail

By

Published : Nov 26, 2021, 8:22 PM IST

ETV Bharat / Videos

Law and Order along inter state border : শান্তি-শৃংখলা বজাই ৰাখিবলৈ সাজু অসম আৰক্ষী

আন্তঃৰাজ্যিক সীমান্তৱৰ্তী অঞ্চলত শান্তি-শৃংখলা অটুট(Law and Order in Inter State Border Areas) ৰাখিবলৈ সাজু হৈছে অসম আৰক্ষী(Assam Police)৷ শুকুৰবাৰে চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ পৰিস্থিতি পৰিদৰ্শন(DIG Mridulananda Sarma visits Assam Nagaland Border) কৰি এই কথা সদৰী কৰে উজনি অসমৰ আৰক্ষী উপ মহাপৰিদৰ্শক মৃদুলানন্দ শৰ্মাই ৷ চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তত বিগত কেইবাদিনো ধৰি অব্যাহত থকা উত্তেজনাময় পৰিস্থিতিৰ (Tension along Assam Nagaland Border) পাচত সোণাৰিত উপস্থিত হয় ডি আই জি শৰ্মা । চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত পৰিভ্ৰমণ কৰি চৰাইদেউৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে তেওঁ আলোচনাত মিলিত হয় । ঐতিহাসিক চৰাইদেউত কাম কৰিবলৈ পোৱাতো সৌভাগ্যৰ কথা বুলি মন্তব্য কৰাৰ লগতে আন্তঃৰাজ্যিক সীমান্তৱৰ্তী অঞ্চল আৰু সমগ্ৰ চৰাইদেউ জিলাত শান্তি-শৃংখলা অটুট ৰাখিবলৈ আৰক্ষী সাজু থকা বুলি সংবাদ মাধ্যমৰ আগত তেওঁ মন্তব্য কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.