thumbnail

By

Published : Jul 28, 2021, 10:40 AM IST

ETV Bharat / Videos

সীমা সংঘাতৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ জগৰীয়া কৰিলে ৰাইজৰ দলে

অসম-মিজোৰাম সীমান্তত সোমবাৰে সংঘটিত হোৱা ঘটনাক ভয়ংকৰ আৰু দুৰ্ভাগ্যজনক আখ্যা ৰাইজৰ দলৰ সম্পাদক আশ্ৰাফুল ইছলামৰ । মিজো আৰক্ষীৰ গুলীত প্ৰাণ আহুতি দিবলগীয়া হ'ল অসমৰ 5 গৰাকী আৰক্ষী জোৱানে ৷ ৰাজ্যৰ বাবে ই এক অতি দুৰ্ভাগ্যৰ বিষয় ৷ দেশৰ বাবে শ্বহীদ হোৱা আৰক্ষী লোকসকললৈ গভীৰ শ্রদ্ধাঞ্জলী জনোৱাৰ লগতে শোক-সন্তপ্ত পৰিয়াললৈ সমবেদনা আৰু সহমৰ্মিতা প্ৰকাশ কৰে ৰাইজৰ দলে । ৰাইজৰ দলৰ সম্পাদক তথা মুখপাত্ৰ আশ্ৰাফুল ইছলামে অসম-মিজোৰাম সীমান্তত সংঘটিত হোৱাৰ এই বৰ্বৰ ঘটনাৰ বাবে চৰকাৰক জগৰীয়া কৰে ৷ ৰাইজক সুৰক্ষা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰে ৰাইজৰ দলৰ সম্পাদকগৰাকীয়ে ৷ এই ব্যৰ্থতা মূৰ পাতি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই পদত্যাগ কৰা উচিত বুলি দাবী কৰে । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ৰাজনৈতিক সদিচ্ছাৰ অভাৱৰ বাবেই অসমৰ আন্তঃৰাজ্যিক সীমা বিবাদ এতিয়াও মীমাংসা হোৱা নাই বুলিও আন এক অভিযোগ উত্থাপন কৰে ৰাইজৰ দলৰ যুৱ নেতাগৰাকীয়ে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.