অসম কৃষি বিশ্ববিদ্যালয়ত উদ্যান শস্য প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা সম্পন্ন - অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য
🎬 Watch Now: Feature Video

যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে উদ্যান শস্য বিভাগৰ উদ্যোগত 33 সংখ্যক উদ্যান শস্যৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুস্থিত হয় ৷ কৃষি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য বিদ্যুত চন্দন ডেকাই উদ্বোধন কৰা এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসহ প্ৰায় 750 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ এই প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত দেশৰ লগতে আন বহু বিদেশী ৰাষ্ট্ৰয়ো অংশগ্ৰহণ কৰে ৷ প্ৰদৰ্শনীত বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিযোগীসকলে উদ্যান শস্যৰ সামগ্ৰী প্ৰদৰ্শন কৰাৰ লগতে বিক্ৰীও কৰে ৷