দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডৰ নেতৃত্বত থাকিব এগৰাকী অসম সন্তান - Republic day parade in Delhi
🎬 Watch Now: Feature Video
গণৰাজ্য দিৱসৰ দিনা দিল্লীৰ ৰাজপথত পেৰেডৰ নেতৃত্বত থাকিব এগৰাকী অসম সন্তান । কৰিমগঞ্জৰ পাথাৰকান্দিৰ ৰাজাৰগাঁও এলেকাৰ প্ৰাক্তন সেনা জোৱান লক্ষীকান্ত সিংহৰ কনিষ্ঠ পুত্ৰ অসম সন্তান লেফটেনেণ্ট সিদ্ধাৰ্থ সিংহক গণ ৰাজ্য দিৱসৰ দিনা দেখা যাব দিল্লীৰ ৰাজপথত পেৰেডৰ কমাণ্ডিং অফিচাৰ হিচাপে (Assam Jawan led the parade on 26th January)। এয়া সঁচাকৈয়ে অসমৰ কাৰণে এক গৌৰৱৰ কথা । এক সাক্ষাৎকাৰত এই কথা সদৰী কৰিছে সিদ্ধাৰ্থ সিংহৰ পিতৃয়ে । উল্লেখ্য যে শৈশৱৰ পৰাই ভাৰতীয় সেনা বাহিনীৰ প্ৰতি আকৃষ্ট আছিল সিদ্ধাৰ্থ । ১৯৯০ চনত তেওঁ যোগদান কৰে সেনা বাহিনীত আৰু বৰ্তমান তেওঁ মাদ্ৰাজ ইঞ্জিনীয়াৰিং ৰেজিমেণ্টৰ লেফটেনেণ্ট হিচাবে দায়িত্বত আছে ।
TAGGED:
Republic day parade in Delhi