বানাক্ৰান্ত কৃষকক চৰকাৰে প্ৰদান কৰিব ক্ষতি পূৰণ : অতুল বৰা - government will provide relief to the flood effected farmers
🎬 Watch Now: Feature Video
"বানাক্ৰান্ত কৃষকক ক্ষতি পূৰণ প্ৰদান কৰিব অসম চৰকাৰে ৷ ৰাজ্যখনৰ 30 হাজাৰ হেক্টৰ কৃষি ভূমি বানৰ কবলত পৰিছে ৷ জল জীৱন মিচনৰ অধীনত বিশুদ্ধ খোৱা পানী যোগানৰ কাম পূৰ্ণ গতিত চলি আছে ৷ বানৰ কবলত হাজাৰ হাজাৰ লোক আক্ৰান্ত হোৱাৰ লগতে 30 হাজাৰ হেক্টৰ কৃষি নষ্ট হৈছে ৷ বানাক্ৰান্ত সকলো কৃষকক চৰকাৰে ক্ষতিপূৰণ প্ৰদান কৰিব ৷" এই ঘোষণা কৰিছে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই ৷ সোমবাৰে ভাৰত চৰকাৰৰ জল জীৱন আঁচনিৰ অধীনত বোকাখাতত 6 খনকৈ পানী যোগান আঁচনি শুভাৰম্ভ কৰি এই মন্তব্য কৰে কৃষিমন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, বোকাখাত সমষ্টিত মুঠ 3 কোটি 91 লাখ টকাৰে 6টা পানী যোগান আঁচনি পুনৰ নিৰ্মাণ কৰি বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ এই আঁচনি কেইখনৰ দ্বাৰা সমষ্টিটোৰ 1424 টা পৰিয়ালক প্ৰথম পৰ্যায়ত সামৰি লোৱা হ'ব ৷