Assam Government's Paddy Procurement Process : ৰঙিয়াত ভাৰতীয় খাদ্য নিগমে কৃষকৰ পৰা ক্ৰয় কৰিছে ধান
🎬 Watch Now: Feature Video
ইতিমধ্যে ৰাজ্য চৰকাৰে কৃষকসকলৰ পৰা উচিত মূল্যৰ বিনিময়ত ধান ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Assam Government's Paddy Procurement Process) ৷ সেই অনুসৰি, কৃষকসকলে এতিয়াৰে পৰা মধ্যভোগীৰ হস্তক্ষেপ অবিহনে ভাৰতীয় খাদ্য নিগমক তেওঁলোকে উৎপাদন কৰা ধানসমূহ পোনপটীয়াকৈ বিক্ৰী কৰিব পাৰিব ৷ আন আন প্ৰান্তৰ দৰে ৰঙিয়াতো আৰম্ভ হৈছে কৃষকৰ পৰা ধান ক্ৰয় কৰাৰ প্ৰক্ৰিয়া ৷ পূৰ্বতে খেতিয়কসকলে লাভ কৰা বজাৰমূল্যৰ তুলনাত ভাৰতীয় খাদ্য নিগমে এইবাৰ অধিক মূল্য দি কৃষকসকলৰ পৰা ক্ৰয় কৰিছে ধান (Assam government to directly buy paddy from farmers) ৷ পোনপ্ৰথমবাৰৰ বাবে ৰঙিয়াৰ কৃষকসকলে প্ৰতি কুইণ্টল ধানৰ বিনিময়ত লাভ কৰে 1,940 টকা ৷ নিৰ্ধাৰিত মানদণ্ড সম্পন্ন প্ৰতি কুইণ্টল ধানৰ বিপৰীতে কৃষকসকলে একাউণ্টযোগে লাভ কৰিব এই ধনৰাশি ৷ ইতিমধ্যে ৰঙিয়াৰ ভিন্ন প্ৰান্তৰ কৃষকসকলে কেন্দ্ৰটোৰ জৰিয়তে উৎপাদিত ধান বিক্ৰী কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে ৷ এই সন্দৰ্ভত ৰঙিয়াৰ সংবাদদাতা বন্দনা শৰ্মাৰ প্ৰতিবেদন ৷