শোণিতপুৰত বুধবাৰৰে পৰা বলৱৎ লক ডাউন... - Covid-19 cases
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12381103-thumbnail-3x2-tez.jpg)
ৰাজ্যৰ ৭ খন জিলাত নতুনকৈ জাৰি কৰা হৈছে লক ডাউন ৷ শোণিতপুৰ জিলাত বুধবাৰৰ পৰা কাৰ্যকৰী হ’ব এই লক ডাউন (Lockdown) ৷ অৰ্থাৎ জিলাখনত সম্পূৰ্ণ কনটেইনমেণ্ট জ’ন (Complete containment zone) ঘোষণা কৰা হৈছে । অৱশ্যে নিষেধাজ্ঞাৰ মাজতে ৰেহাই দিয়া হৈছে কিছু ব্যৱসায়িক প্ৰতিষ্ঠানক ৷ ইয়াৰে মাজতে বিভিন্ন অজুহাতত চহৰখনলৈ অহা লোকৰ সমাগম বৃদ্ধি পাইছে । শোণিতপুৰ (Sonitpur) জিলাত মঙলবাৰৰ দিনটোত ক’ভিড (Covid 19) সংক্ৰমণৰ হাৰ 3.7% লৈ বৃদ্ধি পাইছে ৷ সমান্তৰালভাৱে শিশুৰ মাজতো সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে । জিলা প্ৰশাসন এই সন্দৰ্ভত ইতিমধ্যে সষ্টম হৈ উঠিছে ৷ জিলাখনৰ বিভিন্ন স্থানত আৰক্ষীক মোতায়েন কৰা হৈছে । চাওক আমাৰ তেজপুৰৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এই প্ৰতিবেদন...