thumbnail

By

Published : Jul 27, 2021, 12:29 PM IST

ETV Bharat / Videos

অসম-মিজোৰাম সীমান্তত শ্বহীদ আৰক্ষী জোৱানক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰীৰ

সোমবাৰে, অসম-মিজোৰাম সীমান্ত(Assam Mizoram border)ৰ ভূমি বিবাদ(land dispute)ৰ ঘটনাক কেন্দ্ৰ দুই ৰাজ্যৰ সীমান্তত সৃষ্টি হৈছিল অশান্ত পৰিস্থিতিৰ ৷ এই পৰিস্থিতিৰ মাজতে মিজো আৰক্ষীৰ গুলিত নিহত হৈছিল অসম আৰক্ষীৰ ৫ জনকৈ জোৱান ৷ মঙলবাৰে পুৱা এই 5 জন বীৰ শ্বহীদক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Bishwa Sarma) । মঙলবাৰে কাছাৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানযোগে শ্বহীদ সকলক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে । এই সময়চোৱাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত আছিল মন্ত্ৰী পীযুষ হাজাৰিকা, অশোক সিংঘাল, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, বিশেষ আৰক্ষী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং তথা স্থানীয় বিধায়কসকল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.