Asom Divas celebrated in Golaghat: গোলাঘাটত উদযাপন কৰা হ’ল অসম দিৱস - Asom Divas 2021

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 3, 2021, 10:05 AM IST

গোলাঘাট জিলাস্থিত চ্যুকাফা ক্ষেত্ৰত 2 ডিচেম্বৰৰ দিনা উলহ-মালহেৰে চাওলুং চ্যুকাফা দিৱস অৰ্থাৎ অসম দিৱস উদযাপন কৰা হয় (Asom Divas celebrated in Golaghat) ৷ বৰ অসমৰ প্ৰতিষ্ঠাতা চাওলুং চ্যুকাফাৰ কীৰ্তি, ত্যাগ আৰু অৱদানৰ বাবে প্ৰতিবছৰে 2 ডিচেম্বৰৰ দিনটোত তেখেতক স্মৰণ কৰি অসম দিৱস উদযাপন কৰা হয় ৷ গোলাঘাট চ্যুকাফা ক্ষেত্ৰৰ স্থায়ী আয়োজক সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে অসম দিৱস পালন কৰা হয় ৷ মুখ্য অতিথি হিচাপে গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা উপস্থিত থাকে ৷ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি বিষয়াগৰাকীয়ে মাল্যাৰ্পণ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.