অশোকাষ্টমী উপলক্ষে জন সমুদ্ৰত পৰিণত অশ্বক্লান্ত দেৱালয়

🎬 Watch Now: Feature Video

thumbnail
অশোকাষ্টমীৰ দিনা উত্তৰ গুৱাহাটীৰ পুৰাণ প্ৰসিদ্ধ শ্ৰীশ্ৰীঅশ্বক্লান্ত দেৱালয় পৰিণত হয় জন সমুদ্ৰলৈ । পূৰ্বতকৈও অধিক লোকৰ দেৱালয়খনত সমাগম হয় । কৰ'ণাৰ ভয়াৱহতাৰ বিপৰীতে ৰাজ্যৰ‌ বিভিন্ন প্ৰান্তৰ অগণন লোকে ভীৰ কৰেহি দেৱালয়ৰ প্ৰাংগণত । সামাজিক দূৰত্ব নমনাৰ লগতে বহুতেই পৰিধান কৰা দেখা নগ’ল মাস্ক । কৰ'ণাৰ বাবে কামৰূপ জিলাত ইতিমধ্যে বন্ধ কৰা হৈছে বিহুৰ সাংস্কৃতিক অনুষ্ঠান । কিন্তু অশোকাষ্টমীৰ মেলাত সমৱেত হোৱা হাজাৰ হাজাৰ লোকে শংকিত কৰি তোলে প্ৰতিজন সচেতন লোকক ৷ উল্লেখ্য যে, দ্বিতীয় গয়াৰূপে পৰিচিত তথা ভগৱান শ্ৰীকৃষ্ণৰ স্মৃতি জড়িত অশ্বক্লান্ত দেৱালয়ত মঙলবাৰৰ দিনটোত মৃতকৰ অস্থি বিসৰ্জন, ‌পিণ্ডদান কৰিলে মৃতকৰ আত্মাই চিৰশান্তি লাভ কৰে বুলি চলি অহা বিশ্বাসৰ বাবেই মঙলবাৰৰ দিনটোত জন সমুদ্ৰলৈ পৰিণত হয় উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.