গুৱাহাটী ক্লাৱৰ ৰ'টাৰীত উত্তাল প্ৰতিবাদ আশা-অংগবাদী কৰ্মীৰ - Asha and Anganwadi Workers Protest
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13164228-thumbnail-3x2-hjjdjd.jpg)
কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শুকুৰবাৰে সমগ্ৰ দেশতে পালন কৰা আঁচনিভুক্ত কৰ্মচাৰীসকলৰ ধৰ্মঘটে অসমতো ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয় । আঁচনিভুক্ত কৰ্মচাৰী অৰ্থাৎ অংগৱাদী কৰ্মী সহায়িকা, আশাকৰ্মী আৰু ৰন্ধন কৰ্মচাৰীসকলে ধৰ্মঘট কৰি প্ৰতিবাদ সাব্যস্ত কৰে । গুৱাহাটীত গুৱাহাটী ক্লাৱ ৰ'টাৰীত আশা কৰ্মী আৰু অংগবাদী কৰ্মী-সহায়িকাসকলে বিক্ষোভ প্ৰদৰ্শন কৰে । 'কাম কৰোৱাই মজুৰি দিব নোৱাৰা বি জে পি চৰকাৰ হায় হায়', ‘আঁচনিভুক্ত কৰ্মচাৰীৰ বিভাগৰ নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দিয়ক', 'মাননি নহয় মজুৰি দিয়ক', ‘ক'ভিড কালৰ সেৱাৰ বাবে বিশেষ বানচ প্ৰদান কৰক', ‘অৱসৰকালীন সুবিধা প্ৰদান কৰক' আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷