পুনৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে ৰিপুণ বৰা - APSC SCAM
🎬 Watch Now: Feature Video
পুনৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ ভূমিকা লৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা(APCC president Ripun Bora)ই ৷ দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকাৰ পিছত বৃহস্পতিবাৰে নিয়া(NIA) ৰ আদালতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক সকলো অভিযোগৰ পৰা দোষমুক্ত ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত ৰিপুন বৰাই চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ বৰাই কয় যে, চৰকাৰে বিনাদোষত অখিল গগৈক কাৰাবন্দী কৰাৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা বিচৰাৰ প্ৰয়োজন আছে ৷ কোনো ধৰণৰ তথ্য প্ৰমাণ নথকাকৈ বিনা কাৰণত অখিল গগৈক ডেৰবছৰ ধৰি কাৰাৰুদ্ধ কৰি ৰখাৰ পিছত অখিল গগৈৰ মুক্তিক গণতন্ত্ৰৰ জয় বুলি আখ্যা দি ন্যায়পালিকাক ধন্যবাদ জ্ঞাপন কৰে গগৈয়ে ৷ আনহাতে, অসম লোকসেৱা আয়োগ(APSC) ৰ পৰীক্ষাৰ কেলেংকাৰী সন্দৰ্ভতো অভিযোগ কৰি ৰিপুণ বৰাই কয় যে, APSC কেলেংকাৰীৰ তদন্তৰ সময়চোৱাত তেতিয়াৰ মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ পৰিয়ালৰ পাঁচজনকৈ লোকক তদন্তৰ আওতাত অনা হোৱা নাছিল । এই বিষয়টো সেই পোহৰলৈ আহিছিল যদিও বিজেপি চৰকাৰে পক্ষপাতিত্বমূলকভাৱে তদন্ত কৰিছে ।