গোলাঘাটত অসম চিকিৎসা সেৱা সন্থাৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
গোলাঘাটত অসম চিকিৎসা সেৱা সন্থা চমুকৈ আমছাৰ প্ৰতিবাদ । ৰাজ্যজুৰি চিকিৎসালয়, স্বাস্থ্য কেন্দ্ৰ সমূহত নিয়োজিত চিকিৎসকসকলক ৰাজ্য চৰকাৰে দীৰ্ঘদিন ধৰি কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে এই প্ৰতিবাদ । ৰাজ্যৰ প্ৰতিখন চিকিৎসালয়ত আজি সম্পূৰ্ণৰূপে বহিঃবিভাগসমূহ বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ চিকিৎসকসকলে । "ক" শ্ৰেণীৰ চিকিৎসকসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ যেনে অনুমুদিত চিকিৎসকক নিযুক্তি প্ৰদান, চিকিৎসকৰ দৰমহা নিয়মীয়াকৰণ, "খ" শ্ৰেণীৰ চিকিৎসকৰ সমান্তৰালকৈ গ্ৰেড পে' প্ৰদান ইত্যাদি দাবীৰে সাব্যস্ত কৰা হয় এই প্ৰতিবাদ । যোৱা ১৯ অক্টোবৰৰ পৰাই চলি আহিছে এই প্ৰতিবাদ । ১৯, ২২ অক্টোবৰৰ সমান্তৰালকৈ ২৬, ২৭,২৮ অক্টোবৰ আৰু ১,২,৩ নৱেম্বৰলৈকেও লোৱা হ'ব এই প্ৰতিবাদী কাৰ্যসূচী ।