thumbnail

By

Published : Oct 5, 2021, 1:03 PM IST

ETV Bharat / Videos

শক্তি বিভাগৰ বিৰুদ্ধে বিপজ্জনকভাৱে বিদ্যুৎ যোগান ধৰাৰ অভিযোগ

শক্তি বিভাগ(Power Department)ৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে ৰঙিয়াৰ মধুকুছি গাঁৱৰ ৰাইজ । বিদ্যুৎ বিভাগে বিপজ্জনকভাৱে যোগান ধৰিছে বিদ্যুৎ পৰিবাহী তাঁৰ । জোৰা-তাপলি মৰা হাই ভল্টেজ বিদ্যুতৰ তাঁৰ হাতেৰে চুব পৰাকৈ ওলমি পৰা পৰিলক্ষিত হৈছে । যিকোনো মূহুৰ্ততে সংঘটিত হ’ব পাৰে ভয়ংকৰ শ্বৰ্ট-চাৰ্কিটৰ ঘটনা ৷ দুৰ্ঘটনাৰ আশংকা কৰি কেইবাবাৰো ৰঙিয়াৰ 2 নং উপ সংমণ্ডলত অভিযোগ তুলিছিল গাঁৱৰ ৰাইজে ৷ কিন্তু বিদ্যুৎ বিভাগৰ লোকে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে ৷ অন্যতম মূল পথটোৰ কাষেৰে ওলমি থকা অৱস্থাত বিদ্যুতৰ তাঁৰসমূহ ৰখাৰ বাবে গঞা জনতাই সমস্যাত ভুগিবলগীয়া হৈছে । গতিকে এই ক্ষেত্ৰত শীঘ্ৰেই শক্তিমন্ত্ৰীক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি ৰাইজৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে দাবী জনায় স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.