Train derails in Rangia : আলিপুৰ দুৱাৰ-ৰঙাপাৰা পেচেঞ্চাৰ লাইনচ্যুত

By

Published : Feb 3, 2022, 7:49 PM IST

thumbnail
ৰঙিয়া ৰে’ল জংচনত অঘটন ৷ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথামপি ৰক্ষা পৰিল এখন ট্ৰেইন । আলিপুৰ -দুৱাৰৰ পৰা ৰাঙাপাৰা অভিমুখী এখন ট্ৰেইন ৰঙিয়া জংচন পোৱাৰ সময়তেই ট্ৰেইনখনৰ মাজৰ ডবা এটাৰ কেবিনৰ ওচৰত দুটা চকা লাইনচ্যুত হয় (Alipurduar Rangapara North Passenger Train derails)। যাৰ ফলত ৰঙিয়া জংচনৰ প্লেটফৰ্মৰো কিছুপৰিমাণে ক্ষতিসাধন হয় ৷ সৌভাগ্যক্ৰমে, শীত-তাপ নিয়ন্ত্ৰিত ৰে’লখনত কোনো যাত্ৰী নাছিল ৷ ঘটনা সংঘটিত হোৱাৰ লগে লগে অভিযন্তাসহ ৰে’ল বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰে । ক্ষতি হোৱা ট্ৰেক আৰু ট্ৰেইনখনৰ মৈৰামতিৰ কামত নামি পৰিছে বিশেষজ্ঞৰ দল । ইতিমধ্যে ৰে’লখন লাইনচ্যুত হোৱাৰ কাৰণ উদ্ধাৰৰ বাবে অভিযন্তাৰ দলে ৰেলৱে ট্ৰেকত অনুসন্ধান আৰম্ভ কৰিছ যদিও এইপৰ্যন্ত ট্ৰেইনখন লাইনচ্যুত হোৱাৰ প্ৰকৃত কাৰণ জানিব পৰা নাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.