ৰূপজ্যোতি কুৰ্মী শিয়াল, প্ৰতাৰক, বিশ্বাসঘাতক !

By

Published : Oct 20, 2021, 6:42 PM IST

thumbnail
উপ-নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰ আৰু সঞ্জীৱ গগৈক ৰাইজে নিৰ্বাচিত কৰিলে বিধান সভাত কঁপিব লাগিব হিমন্ত বিশ্ব শৰ্মা ৷ এই মন্তব্যৰে মৰিয়নি সমষ্টিৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি হুংকাৰ প্ৰদান কৰে বিধায়ক অখিল গগৈয়ে । ৰূপজ্যোতি কুৰ্মীক শিয়াল, প্ৰতাৰক, বিশ্বাসঘাতক আখ্যা দিলে অখিল গগৈয়ে ৷ লগতে অসমীয়াৰ স্বাৰ্থত ৰাইজৰ দলে সদায় কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে অখিলে । তদুপৰি তেওঁ কয়, কংগ্ৰেছ এতিয়া বিজেপিৰ বি টীম ৷ থাওৰা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীৰ নিৰ্বাচনী ব্যয় বিজেপিয়ে বহন কৰাৰ লগতে মৰিয়নীতো বিজেপিৰ প্ৰাৰ্থী গৰাকীক জয় কৰাৰ স্বাৰ্থত কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.