বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তিনিচুকীয়াত প্ৰতিবাদ AJYCP ৰ - বৃহৎ নদীবান্ধ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13153015-thumbnail-3x2-hhhhhs.jpg)
বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰা আৰু বৃহৎ নদীবান্ধসমূহ বন্ধ কৰাৰ দাবীত ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । নামনি সোৱণশিৰীৰ জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত বিগত সময়চোৱাত বহু প্ৰতিবাদ সাব্যস্ত কৰি আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । তাৰ পিছতো ক'ভিড-১৯ ৰ সুযোগ লৈ নদীবান্ধৰ কাম চলাই নিছে । যাক লৈ পুনৰ সৰৱ হৈ পৰিছে সংগঠনটোৱে । যোৱা ২১ ছেপ্টেম্বৰ তাৰিখে গোৱামুখত সাব্যস্ত কৰা গণতান্ত্ৰিক আন্দোলনক দমন নীতি চলোৱা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে সংগঠনটোৱে ।