thumbnail

By

Published : Apr 10, 2021, 6:33 PM IST

ETV Bharat / Videos

পিছদুৱাৰেদি চৰকাৰ গঠনৰ চেষ্টা বিজেপিৰ: অজিত ভূঞা

হৰ্ছ ট্ৰেডিং সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাৰ মন্তব্য, "এইবাৰ মহাজোঁটৰ চৰকাৰ হোৱাটো প্ৰায় নিশ্চিত ৷ যাৰ বাবে বিজেপিয়ে এক কৌশল আৰম্ভ কৰিব আৰম্ভ কৰিছে ৷ ইয়াৰ পূৰ্বেও বিভিন্ন ৰাজ্যত বিজেপিয়ে এক কিনা বেচাৰ ৰাজনীতি কৰিছে ৷ ইতিমধ্যেই নিৰ্দলীয় প্ৰাৰ্থীসকলৰ লগত সংযোগ স্থাপন কৰিছে বিজেপিয়ে ৷ তেনে এক পৰিৱেশৰ বাবে এআইইউডিএফে নিজৰ প্ৰাৰ্থীসকলক আঁতৰাই নিছে ৷" আনহাতে বিজেপিৰ হৰ্ছ ট্ৰেডিঙৰ কৱলত আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থীলৈও প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ গৰাকীৰ ৷ অজিত ভূঞাৰ মন্তব্য, "গণ মৰ্চাৰ পাৰ্থীক ৫০ কোটি দিলেও বিক্ৰী নাযায় ৷ বিজেপিয়ে এতিয়া পিছদুৱাৰেদি চৰকাৰ গঠন কৰা চেষ্টা চলাইছে ৷ বিজেপিয়ে মন্ত্ৰীত্বৰ অফাৰ দিছে নিৰ্দলীয় প্ৰাৰ্থীক ৷"

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.