thumbnail

By

Published : Jul 12, 2021, 4:26 PM IST

ETV Bharat / Videos

দুদিনৰ বাবে গোলাঘাটত ঘোষণা সম্পূৰ্ণ লকডাউন

দুদিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা গোলাঘাটত । গোলাঘাট জিলাত কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত দুদিনৰ বাবে জিলাখনত সম্পূৰ্ণ লকডাউন ঘোষণা কৰে গোলাঘাটত জিলা প্ৰশাসনে । ক'ভিড (Covid 19) সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে গ্ৰহণ কৰিছে কঠোৰ স্থিতি । ১৩ আৰু ১৪ জুলাই এই দুটা দিনত গোলাঘাট জিলাৰ সকলো গেলামালৰ দোকান, শাক-পাচলি, ফলমূলৰ দোকান বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে গোলাঘাটৰ উপায়ুক্তগৰাকীয়ে । এই দুটা দিনত মাত্ৰ খোলা থাকিব দুগ্ধজাত সামগ্ৰীৰ দোকান আৰু ফাৰ্মাচী । জিলাখনত ক'ভিড সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশ । লকডাউনৰ সময়ত যাতে কোনো লোকে এই আইন ভংগ নকৰে তাৰ প্ৰতি আহ্বান জনাইছে উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.