ভোটাধিকাৰ সাব্যস্ত কৰিলে মহাজোঁটৰ প্ৰাৰ্থী আব্দুল বাতিন খন্দকাৰে - ভূপেন ৰায়

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 6, 2021, 11:12 AM IST

ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ প্ৰাৰ্থীৰ লগতে সাধাৰণ জনতাইও নিজৰ ভোটদান সাব্যস্ত কৰিছে ৷ 34 নং উত্তৰ অভয়াপুৰী সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী আব্দুল বাতিন খন্দকাৰেও ভোটদান কৰে ৷ 847 নং বাশবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত খন্দকাৰে পৰিয়ালসহ ভোট প্ৰদান কৰে ৷ উল্লেখযোগ্য যে, প্ৰাৰ্থীজনে সকলোকে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ কোৱাৰ লগতে শৃংখলাবদ্ধভাৱে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ তেওঁৰ মূল প্ৰতিদ্বন্দিতা মিত্ৰজোঁটৰ প্ৰাৰ্থী ভূপেন ৰায়ৰ লগত হ’ব আৰু ভূপেন ৰায়ৰ বিৰুদ্ধে বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হ’ব বুলিও দাবী কৰে তেওঁ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.