ভৰত নৰহৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আটাছুৰ
🎬 Watch Now: Feature Video
বিধানসভাৰ মজিয়াত নাওবৈচা বিধানসভা সমষ্টিৰ বিধায়ক ভৰত নৰহে আহোম সকলৰ সন্দৰ্ভত কৰা তৰল মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু ৷ বিধানসভাত অসমলৈ আহোম সকলতকৈ আগতে অসমত চৰ অঞ্চলত বসবাস কৰা লোকসকল আহিছে বুলি বিধায়ক গৰাকীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আটাছুৱে ৷ এই মন্তব্যৰ বাবে অচিৰেই বিধায়ক গৰাকীক ক্ষমা খুজিবলৈ আহ্বান জনাইছে আটাছুৱে ৷ অন্যথা বিধায়ক গৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সংগঠনটোৰ নেতৃত্বই ৷ বিধানসভাত এই মন্তব্য শুনাৰ পাচতো বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে আন আন আহোম সম্প্ৰদায়ৰ বিধায়কসকল নীৰৱ হৈ ৰোৱাৰ কাৰ্যৰ তীব্ৰ সমালোচনা কৰিছে সংগঠনটোৱে ৷