বাঘজানৰ জুই নিৰ্বাপনত ব্যৰ্থ অইল আৰু চৰকাৰক কঠোৰ সমালোচনা দীপাংক কুমাৰ নাথৰ

By

Published : Sep 6, 2020, 4:12 AM IST

thumbnail
বাঘজানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথ ৷ বাঘজানৰ তৈলখাদৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীৰ ৷ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন কৰি আছুৰ সভাপতিগৰাকীয়ে খাদটোৰ জুই তিনিমাহ দিন ধৰি নিৰ্বাপন কৰিবলৈ সক্ষম নোহোৱাকলৈ অইল আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰে । প্ৰথমটো বিশেষজ্ঞ দল বিফল হোৱাৰ পাচতো যিধৰণে বিশ্বৰ বিশেষজ্ঞ দল আনি জুই নিৰ্বাপিত কৰাত তৎপৰতা গ্ৰহণ কৰিব লাগিছিল তেনে তৎপৰতা গ্ৰহণ নকৰা বুলিও অভিযোগ কৰে দিপাংক কুমাৰ নাথে ৷ ইফালে ক্ষতিগ্ৰস্ত বাঘজানবাসীলৈ কোনো বিশেষ আঁচনি ঘোষণা নকৰাতো অইল আৰু শাসিত চৰকাৰৰ বাবে চৰম লজ্জাজনক বুলিও আখ্যা দিছে আছুৰ সভাপতি গৰাকীয়ে ৷ বাঘজানবাসী ৰাইজে তিনিমাহকৈ আপোন ঘৰবাৰী এৰি আশ্ৰয় শিৱিৰত থাকিবলগীয়া হৈছে, গতিকে অনতিপলমে বাঘজান তৈলখাদৰ অগ্নিকাণ্ড নিৰ্বাপিত কৰাৰ ব্যৱস্থা কৰক অন্যথা পৰিস্থিতি ভয়ানক হ’ব বুলিও আছুৰ সভাপতিজনে সকীয়নি প্ৰদান কৰে অইল কৰ্তৃপক্ষ আৰু শাসিত চৰকাৰলৈ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.