মুখ্যমন্ত্ৰী সোণোৱালক দায়িত্বজ্ঞানহীন আখ্যা আছুৰ

By

Published : Feb 18, 2021, 8:52 PM IST

thumbnail
অসম চুক্তিক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথৰ সংবাদমেল ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক দায়িত্বজ্ঞানহীন আখ্যা আছুৰ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজিলৈকে অসম চুক্তিখন সম্পূৰ্ণকৈ পঢ়া নাই বুলি মন্তব্য আছু সভাপতি গৰাকীৰ ৷ বুধবাৰে ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে অসম চুক্তিৰ ছয় নং দফা সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাবে বৃহস্পতিবাৰে মহানগৰীৰ শ্বহীদ ন্যাসত আছুৰ সংবাদমেল ৷ সংবাদমেলত আছু সভাপতি দিপাংক কুমাৰ নাথৰ প্ৰতিক্ৰিয়া "বিপ্লৱ শৰ্মাৰ উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন গ্ৰহণ কৰা নাছিল দিল্লীয়ে ৷ যাৰ ফলত অসমৰ মুখ্যমন্ত্ৰীৰ হাততে থাকি গল এই প্ৰতিবেদন খন ৷ দিল্লীৰ ৰঙা চকুলৈ ভয় মুখ্যমন্ত্ৰী সোণোৱালৰ ৷ অসম চুক্তিৰ ক্ষেত্ৰত চুড়ান্ত দায়িত্বজ্ঞানহীন অসমৰ মুখ্যমন্ত্ৰী ৷ ইয়াৰ বিৰুদ্ধে তীব্ৰ সংগ্ৰাম চলি যাব ৷"

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.