এশ শতাংশ নামভৰ্তি সুনিশ্চিত কৰাৰ দাবীত আমছুৰ স্মাৰক পত্ৰ - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
🎬 Watch Now: Feature Video
উচ্চতৰ মাধ্যমিক শাখাত ছাত্ৰ-ছাত্ৰীৰ এশ শতাংশ নামভৰ্তি সুনিশ্চিত কৰাৰ দাবীত মঙলবাৰে উত্তৰ শালমাৰা জিলা আমছুৱে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । ক'ভিড পৰিস্থিতিৰ বাবে চলিত বৰ্ষত পৰীক্ষা অনুষ্ঠিত নকৰি বিকল্প মূল্যায়ন ব্যৱস্থাৰে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰা হয় । যাৰ বাবে অসমৰ শৈক্ষিক ইতিহাসত নজিৰ সৃষ্টি কৰি পৰীক্ষা নপতাকৈ ফলাফল ঘোষণা কৰাত উত্তীৰ্ণৰ হাৰে একপ্ৰকাৰ অভিলেখ ৰচনা কৰিছিল । অভিলেখ সৃষ্টিকাৰী এই ফলাফলৰ পাছতে এতিয়া নামভৰ্তিৰ প্ৰসংগক লৈ ৰাজ্যজুৰি চৰ্চা হৈছে । বহু জিলাত ইতিমধ্যে ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে পৰ্যাপ্ত আসন নথকাত চিন্তান্বিত হৈছে শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকল ৷ এনে পৰিস্থিতিত মঙলবাৰে উত্তৰ শালমাৰা জিলা আমছুৱে ২০২১ বৰ্ষৰ হাইস্কুল/হাইমাদ্ৰাছা শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত আসনৰ সংখ্যা বৃদ্ধি কৰি নামভৰ্তি সুনিশ্চিত কৰাৰ লগতে শিক্ষা বিভাগৰ জ্বলন্ত সমস্যাৱলী সমাধানৰ দাবীৰ এখন আঠদফীয়া স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷