thumbnail

মৌ পালনেৰে স্বাৱলম্বী তিতাবৰৰ এজন উমা শইকীয়া

By

Published : Jul 25, 2021, 1:38 PM IST

তিতাবৰৰ উমা শইকীয়া নামৰ এজন ব্যক্তিয়ে মৌ পোহ পালনেৰে দেখুৱাইছে স্বাৱলম্বীতাৰ এক অনন্য নিদৰ্শন ৷ মৌ পালনেৰে বছৰি 4/5 লাখ টকা উপাৰ্জন কৰা তিতাবৰৰ উমা শইকীয়াই সেনা বাহিনীৰ চাকৰি আধাতে এৰি মৌ পালনৰ প্ৰশিক্ষণ লৈ মৌ পুহি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে ৷ 1986 চনৰ পৰাই মৌ পালন কৰি আহিছে এই শইকীয়াই । বিগত বহু বছৰ ধৰি বহু লোকক কি দৰে মৌ পালন কৰে তাৰ ওপৰত তেওঁ প্ৰশিক্ষণো দি আহিছে । বিগত 35 বছৰ ধৰি মৌ পালনৰ সৈতে জড়িত হৈ আছে উমা শইকীয়া ৷ তিতাবৰৰ তেওঁ উৎপাদন কৰা মৌ নাগালেণ্ড, অৰুণাচল, ছিক্কিমকে ধৰি ভাৰতৰ বিভিন্ন স্থানলৈ ৰপ্তানি হয় বুলি জানিবলৈ দিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.