ঘোষা গাই, গল্প-কবিতা লিখি দিন অতিবাহিত এগৰাকী COVID আক্ৰান্ত মহিলা আৰক্ষীৰ - ঘোষা
🎬 Watch Now: Feature Video
অসমত এতিয়া ব্যাপক হাৰত আৰক্ষী জোৱানসকলো আক্ৰান্ত হৈছে COVID-19 ত ৷ তাৰ মাজতে ঘোষা গাই, গল্প-কবিতা লিখি দিন অতিবাহিত কৰিছে এগৰাকী COVID-19 আক্ৰান্ত মহিলা আৰক্ষীয়ে ৷ COVID-19 ত আক্ৰান্ত মিতালী চহৰীয়া নামৰ মহিলা আৰক্ষী গৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ৷ চিকিৎসালয়ত থকা সময়খিনি এতিয়া তেওঁ অতিবাহিত কৰিছে নিজৰ ভাললগা কামবোৰৰ মাজেৰে ৷ তেওঁ এক ভিডিঅ'যোগে দেখুৱালে চিকিৎসালয় আৰু তাৰ নিকটৱৰ্তী পৰিৱেশ ৷ ইয়াৰোপৰি তেওঁ ভিডিঅ'যোগে সকলোকে আহ্বান জনালে চিকিৎসক তথা আন স্বাস্থ্যকৰ্মীসকলক সহযোগ কৰিবলৈ ৷ আনহাতে COVID আক্ৰান্ত লোকক তুচ্ছজ্ঞান নকৰি তেওঁলোকক সাহস প্ৰদান কৰিবলৈ তেওঁ অনুৰোধ জনায় ৰাইজক ৷ তেওঁ উল্লেখ কৰা অনুসৰি, নিজৰ মন মগজু সবল থাকিব লাগে ৷ কিয়নো হতাশা হ'ব পাৰে COVID তকৈয়ো ভয়ানক ৷ এই ক্ষেত্ৰত আনেও যাতে আক্ৰান্ত লোকসকলক কোনো ধৰণৰ মানসিক চাপ প্ৰদান নকৰে সেই বিষয়েও সকলোকে সজাগ হ'বলৈ অনুৰোধ জনালে তেওঁ ৷ লগতে চিকিৎসালয়ত থকা সময়খিনিত তেওঁলোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই বুলিও উল্লেখ কৰে মিতালী চহৰীয়াই ৷