অসম আৰক্ষীৰ নিয়োগ প্ৰক্ৰিয়াত দুৰ্নীতি : আটক 9

By

Published : Oct 25, 2021, 2:02 PM IST

thumbnail
পুনৰ সংবাদ শিৰোনাম দখল কৰিছে অসম আৰক্ষীৰ নিয়োগ প্ৰক্ৰিয়া(Recruitment in assam Police)ই ৷ কৰিমগঞ্জৰ আৰক্ষীত নিয়োগ প্ৰক্ৰিয়াত দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ আৰক্ষীৰ কনিষ্টবল(Constable)ৰ বাছনি পৰীক্ষাত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগত আটক হ’ল 9 গৰাকীকৈ লোক ৷ ইয়াৰ ভিতৰত আছে আৰক্ষীৰ হোম গাৰ্ড, গাড়ীচালক সহ জাহিৰ আহমেদ, কনিষ্টবল হান্স সিং, মহিলা কনিষ্টবল ৰিংকু দাস আদিৰ নাম ৷ আনহাতে আটকাধীন প্ৰাৰ্থীসকল হৈছে- ৰাহুল খান, জাবৰুল হক, নুৰ আহমেদ, পাৰমিতা দাস, ৰীতা দাস আৰু প্ৰিয়া সিং ৷ উক্ত দুৰ্নীতিৰ সৈতে নাম সাঙোৰ খোৱা আৰু বহুকেইগৰাকী পৰীক্ষাৰ্থী আটক হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰ পূৰ্বে বিগত মাহত কনিষ্টবলৰ বাছনি পৰীক্ষাত সংঘটিত হোৱা অনিয়মৰ গোচৰত আৰক্ষীয়ে আটক কৰিছিল তিনি আৰক্ষী কৰ্মীসহ তিনিগৰাকীকৈ পৰীক্ষাৰ্থীক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.