Rass Mahotsav: সামৰণি পৰিল নলবাৰী হৰিমন্দিৰৰ ৮৮ তম ৰাস মহোৎসৱ

By

Published : Nov 19, 2021, 9:14 PM IST

thumbnail
এদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সামৰণি পৰিল নলবাৰীৰ হৰি মন্দিৰৰ ৮৮ তম ৰাস মহোৎসৱ ৷ ক’ভিডৰ ভয়াবহতাৰ বাবে নলবাৰীৰ হৰি মন্দিৰত ৰাস পূৰ্ণিমাৰ দিনা মাংগলিক নিয়মেৰে এদিনিয়াকৈ উদযাপন কৰা হৈছে ৰাস মহোৎসৱ । সুকন্যা এক জাগৰণৰ ফালৰ পৰা ৰাস পূৰ্ণিমাৰ নিশা প্ৰদৰ্শন কৰা হয় জীৱন্ত ৰাস । ইয়াৰ পিছতে সামৰণি পৰে নলবাৰীৰ হৰি মন্দিৰৰ ৰাস । উল্লেখ্য যে, প্ৰতিবছৰে হৰি মন্দিৰৰ ৰাসত বিভিন্ন মেলাকে ধৰি যাদু প্ৰদৰ্শন, নাগৰা নাম প্ৰদৰ্শন, গ্ৰন্থ মেলা, থিয়েটাৰ আদিৰ লগতে বিভিন্ন মনোৰঞ্জনধৰ্মী অনুষ্ঠান অনুষ্ঠিত হয় । কিন্তু এইবেলি সকলো মনোৰঞ্জনধৰ্মী আৰু মেলামুখিতা বাতিল কৰিছে নলবাৰী ৰাস কমিটিসমূহে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.