ডিমা হাছাও জিলাত অসম আৰক্ষীৰ 5 গৰাকী জোৱান কৰ'ণা পজিটিভ

By

Published : Jul 4, 2020, 5:22 AM IST

thumbnail
শুকুৰবাৰে ডিমা হাছাও জিলাত নতুনকৈ 8 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ ইয়াৰ মাজত 5 গৰাকী হৈছে অসম আৰক্ষীৰ জোৱান আৰু তিনিগৰাকী ব্যক্তিৰ মাজৰ এজন দিয়ুংমুখ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী কৰ্মীৰ পুত্ৰ আৰু বাকী 2 গৰাকী আক্ৰান্ত কোৱাৰেণ্টাইন কেন্দ্ৰৰ বুলি জানিবলৈ দিয়ে হাফলং অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ কল্পনা কেম্প্ৰাইয়ে ৷ 5 গৰাকী আৰক্ষী আৰু দিয়ুংমুখৰ কৰ'ণা আক্ৰান্ত ব্যক্তি গৰাকীৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই । ডিমা হাছাও এতিয়া গণ সংক্ৰমণৰ দিছে গৈছে নিকি সেয়ালৈ চিন্তাত পৰিছে স্বাস্থ্য বিভাগ ৷ ডিমা হাছাওত ৰোগীৰ সংখ্যা 128 জনলৈ বৃদ্ধি হৈছে । ইয়াৰ মাজত ইতিমধ্যে 98 গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতি গৈছে আৰু বাকী 30 গৰাকী ৰোগীক হাফলং অসামৰিক চিকিৎসালয়ৰ কোভিড ৱাৰ্ডত চিকিৎসা প্ৰদান কৰা হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.