৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিত চাৰিজন প্ৰাৰ্থীৰ মনোনয়ন দাখিল - উপ নিৰ্বাচন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 7, 2021, 10:08 PM IST

ৰাজ্যত সমাগত উপ নিৰ্বাচনক লৈ ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী বতাহ ৷ বাক্সা জিলাৰ ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিটো বলিছে নিৰ্বাচনী বতাহ ৷ ইউ পি পি এলৰ বিধায়ক লেহোৰাম বড়োৰ আকস্মিক মৃত্যুত খালী হৈছিল তামুলপুৰ বিধানসভা আসনখন ৷ বৃহস্পতিবাৰে তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা চাৰি গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ৷ সম্পূৰ্ণ ক’ভিড প্ৰটকল মানি বাক্সাৰ মুছলপুৰৰ জিলা উপায়ুক্তৰ কাৰ্যলয়ত মনোনয়ন পত্ৰ দাখিল কৰে ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰী, কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰ দাহাল, নিৰ্দলীয় ভাৱে ইমানুৱেল মুছাহাৰী আৰু গনেশ কছাৰীয়ে ৷ চাৰিও প্ৰাৰ্থীয়ে পৃথকে পৃথকে নিৰ্বাচনী বিষয়া আশ্ৰাফুল আমিনৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে ৷ উল্লেখ্য যে তামুলপুৰত এইবাৰ জমি উঠিব নিৰ্বাচনী যুজ ৷ বিজেপি দলে মিত্ৰ দল ইউ পি পি এলক তামুলপুৰ বিধানসভা সমষ্টিটো এৰি দিয়াত বিজেপি দলৰ ৰাজ্যিক সদস্য তথা প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে ৷ মনোনয়ন পত্ৰ দাখিল কৰি ইমানুৱেল মুছাহাৰীয়ে সমষ্টিটোৰ পৰা নিশ্চিত ভাৱে বিজয়ী হব বুলি কয় ৷ লগতে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক সমালোচনা কৰি কয় যে বিটিচিত বিজেপিয়ে কোনো কাৰণতে নিৰ্বাচনী যুজত অংশ নলয় ৷ সেয়ে প্ৰমোদ বড়োক হেঁচা প্ৰয়োগৰ বাবে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.