thumbnail

By

Published : May 4, 2020, 1:59 PM IST

ETV Bharat / Videos

প্ৰায় ডেৰ মাহৰ অন্তত ৰঙিয়াৰ ৰাজপথত চলিল ই-ৰিক্সা

ৰঙিয়া, 4 মে': তৃতীয় পৰ্যায়ৰ লক্ ডাউনত ৰাজ্যত কিছু পৰিমাণে শিথিল কৰা হৈছে লক্ ডাউনৰ নীতি নিয়ম । প্ৰায় ডেৰ মাহৰ বিৰতিৰ অন্তত ৰঙিয়াৰ ৰাজপথত চলিল ই-ৰিক্সা । ইমান দিনে উপাৰ্জন বিহীনভাৱে ঘৰতে সোমাই থকা ই-ৰিক্সাৰ চালকসকলে মাত্ৰ দুজন যাত্ৰী কঢ়িওৱাৰ অনুমতি লাভ কৰিলেও, দিনটোত কিছু পৰিমাণে হ'লেও উপাৰ্জনৰ মুখ দেখিবলৈ পাব বুলি আশা কৰিছে । ইয়াৰ লগে লগে পুৱাৰে পৰা ৰঙিয়াত আৰম্ভ হৈছে স্বাভাৱিক জীৱন যাত্ৰা । বিভিন্ন ক্ষেত্ৰৰ লোকসকল ওলাই অহা দেখিবলৈ পোৱা গৈছে ৰঙিয়াৰ ৰাজপথত । ৰঙিয়া ব্যৱসায়ী সন্থাই প্ৰশাসনৰ লগত আলোচনা কৰাৰ পিচতহে দোকান-পোহাৰ খুলিব বুলি জানিবলৈ দিছে । উল্লেখ্য যে, আৰক্ষীয়ে যান-বাহন চলাচলত কঠোৰ নজৰ ৰাখিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.