ইটিভি ভাৰতৰ কাৰ্যালয়ত ‘থলাইভা’ ৰজনীকান্ত - ইটিভি ভাৰতৰ কাৰ্যালয়

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 6, 2020, 12:04 PM IST

নেশ্যনেল ডেক্স,6 জানুৱাৰীঃ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতত ‘তলাইভা‘ ৰূপে খ্যাত চুপাৰষ্টাৰ ৰজনীকান্তে দেওবাৰে ৰামোজী ফিল্ম চিটি ভ্ৰমণ কৰে ৷ নিজৰ ছবিৰ শ্বুটিঙৰ পৰা কিছু সময় উলিয়াই ইটিভি ভাৰতৰ কাৰ্যালয়ো পৰিদৰ্শন কৰে পদ্ম বিভূষণ সন্মানেৰে বিভূষিত তাৰকাগৰাকীয়ে ৷ ইটিভি ভাৰতৰ কৰ্মকৰ্তাসকলেৰে মত বিনিময় কৰে জ্যেষ্ঠ অভিনেতা গৰাকীয়ে ৷ ইটিভি ভাৰতে দেশৰ 13 টা ভাষাত বাতৰি আৰু তথ্য পৰিৱেশন কৰে ৷ ইংৰাজী আৰু হিন্দীৰ বাহিৰেও তেলেগু,উৰ্দু, তামিল, কানাড়া, মালায়ালম, গুজৰাটী, মাৰাঠী, বঙালী, পাঞ্জাৱী, উড়িয়া আৰু অসমীয়া ভাষাত বাতৰি পৰিৱেশন কৰে ইটিভি ভাৰতে ৷ চুপাৰষ্টাৰ গৰাকীয়ে ইটিভি ভাৰতৰ বিভিন্ন ডেক্স সমূহৰ কৰ্ম প্ৰণালী পৰিদৰ্শন কৰি ইয়াৰ ভিন্নতা দেখি অভিভূত হৈ পৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.