ভদীয়া বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
🎬 Watch Now: Feature Video
সম্প্ৰতি ভদীয়া বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ উদ্যান খনৰ ৭৫% অঞ্চল এতিয়া বাঢ়নী পানীয়ে বুৰাই পেলাইছে । উদ্যানখনৰ জীৱকূলৰ সুৰক্ষাৰ খাতিৰত দেওবাৰৰে পৰা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বোকাখাতৰ বৰজুৰিৰ পৰা বুঢ়াপাহাৰ বনাঞ্চলৰ আমগুৰি লৈকে উদ্যান কৰ্তৃপক্ষই যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে টাইম কাৰ্ডৰ ব্যৱস্থা কৰিছে । ইফালে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ 32 টা বন শিবিৰৰ ভিতৰত 24 টাই সম্প্ৰতি বানত বুৰ গৈছে । একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি, কঁহৰা আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ মুঠ ১৫৫ টা বন শিবিৰৰ ৭৬ টা বন শিবিৰেই ভদীয়া বানত বুৰ গৈছে । ইফালে, পাছিঘাটত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱালৈ লক্ষ্য কৰি অনাগত 24 ঘণ্টাত ৰাষ্ট্ৰীয় উদ্যানখন সম্পূৰ্ণৰূপে জলমগ্ন হোৱাৰো সম্ভাৱনাই দেখা দিছে ।