জুবিন গাৰ্গৰ জন্মদিন উদযাপন অনুৰাগীৰ

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 8:14 AM IST

thumbnail

মাজুলী, ১৯ নৱেম্বৰ : ১৮ নৱেম্বৰ শনিবাৰে ৫১ বছৰীয়া হ’ল হাৰ্টথ্ৰব জুবিন গাৰ্গ । শুভেচ্ছা শুভকামনাৰে ওপচাই তুলিলে অনুৰাগীয়ে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত জুবিন ফেন ক্লাৱে উদযাপন কৰিলে প্ৰিয় শিল্পীগৰাকীৰ ওপজাদিনটো । ব্যতিক্ৰম নহয় মাজুলীও । সত্ৰনগৰী মাজুলীত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ৰুমাল লাইভৰ সৃষ্টিৰ দিন উদযাপন ।  

জুবিন গাৰ্গৰ ৫১ সংখ্যক জন্মদিনটো ৰুমাল লাইভ মাজুলীৰ ফালৰ পৰা বিদ্যালয়, মহাবিদ্যালয় ছাত্ৰাবাস আৰু পদপথত বিভিন্নজনক খাদ্য সামগ্ৰী বিতৰণ কৰি উদযাপন কৰা পৰিলক্ষিত হয় । জুবিন গাৰ্গ সদায় সুস্থ হৈ থাকক আৰু নতুন নতুন গান উপহাৰ দি যোৱাৰ লগতে সমাজৰ বাবে কাম কৰি যাওক তাৰেই কামনাৰে সকলো জুবিন অনুৰাগীয়ে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনায় ।

ইফালে হায়দৰাবাদত কৰ্মৰত জুবিন ফেন ক্লাৱে কে'ক কাটি উদযাপন কৰে জুবিন গাৰ্গৰ জন্মদিন । বিগত বছৰবোৰতো জুবিন ফেন ক্লাৱ হায়দৰাবাদে উদযাপন কৰি আহিছে জুবিন গাৰ্গৰ জন্মদিন । আহিবলগীয়া নতুন ছবি চিকাৰৰ বাবে লণ্ডণলৈ উৰা মৰা শিল্পীগৰাকীৰ অনুপস্থিতিতো সকলোৱে এনেদৰে আনন্দ-উল্লাস কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: জাগীৰোড শাখা কবি সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.