ডিক্ৰঙত জপিয়াই সন্ধানহীন হোৱা দিব্য বৰাৰ মৃতদেহ উদ্ধাৰ - মৃতদেহ উদ্ধাৰ
🎬 Watch Now: Feature Video
Published : Nov 20, 2023, 4:25 PM IST
বিহপুৰীয়া, 20 নৱেম্বৰ : 18 ঘণ্টাৰ পিছত প্ৰায় 4 কিলোমিটাৰ নামনিত ডিক্ৰঙৰ বালিত উদ্ধাৰ দিব্য বৰাৰ নিঠৰ দেহ ৷ উল্লেখ্য যে দেওবাৰে বিয়লি দুই প্ৰেমিক-প্ৰেমিকাই লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৰ 2 নং পাৰ্বতীপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা ডিক্ৰং নদীৰ দলঙৰ পৰা জাঁপ দিছিল নদীলৈ ৷
অৱশ্যে প্ৰেমিকা গৰাকীক এজন প্ৰত্যক্ষদৰ্শীয়ে নদীৰ বুকুৰ পৰা জীৱন্তে উদ্ধাৰ কৰিছিল যদিও প্ৰেমিক দিব্য বৰাক উদ্ধাৰ কৰিব পৰা নাছিল ৷ দেওবাৰৰ পৰাই এছ ডি আৰ এফে ডিক্ৰঙত যুৱকজনৰ সন্ধানত অভিযান চলায় যদিও বিফল হৈছিল ৷
সোমবাৰে পুৱাও এছ ডি আৰ এফে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ মাজতে ঘটনাস্থলীৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নামনিত 1 নং পাৰ্বতীপুৰৰ সমীপত নদীৰ বালিত প্ৰায় 7.30 বজাত দিব্য বৰাৰ নিঠৰ দেহ স্থানীয় লোক তথা পৰিয়ালৰ লোকে উদ্ধাৰ কৰে ৷
লগতে পঢ়ক : ষঠ পূজা চাবলৈ গৈ গোলাঘাটত দুৰ্ঘটনাত পতিত হ’ল বিলাসী বাহন