ETV Bharat / state

এ পি এছ চি কেলেংকাৰী: বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত তৰুণ গগৈ-গৌৰৱ গগৈ, অখিল গগৈ-কমল মেধিৰ নাম - APSC SCAM

ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য । আকৌ মূৰ তুলি উঠিছে এ পি এছ চি কেলেংকাৰী প্ৰসংগ । সাঙোৰ খাইছে কমল মেধিৰ নাম ।

Justice Biplab Sharma Commission report on APSC scam public
ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 18, 2025, 8:10 PM IST

গুৱাহাটী: আকৌ চৰ্চাৰ শীৰ্ষত অসম কঁপোৱা এ পি এছ চি কেলেংকাৰী প্ৰসংগ । ৰাজহুৱা হ’ল ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন । অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সংঘটিত কেলংকাৰীৰ তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন সোমবাৰে কোকৰাঝাৰত বিধানসভাৰ মজিয়াত দাখিল কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এ পি এছ চি কেলেংকাৰিত সঙোৰ খাইছে ৰৌ-বৰালিৰ নাম । ৰাজহুৱা হোৱাৰ পিছত ন্যায়াধীশ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ কেইবাটাও বিষয়ে তোলপাৰ লগাইছে ৰাজ্য ।

গুৰুত্ব পোৱা বিষয়কেইটা হ’ল—

  • ২০১৩বৰ্ষৰ এ পি এছ চিৰ সমগ্ৰ নিযুক্তি বাতিলৰ পৰামৰ্শ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগৰ ।
  • এ পি এছ চি কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদনত সন্নিৱিষ্ট হৈছে অখিল গগৈ আৰু বৰ্তমানৰ বিজেপি নেতা কমল কুমাৰ মেধিৰ নাম ।
  • ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ আন এক তথ্য হ’ল-সাংসদ গৌৰৱ গগৈৰ বিয়াত সোণৰ চেইন, আঙুঠি, ব্ৰেছলেট দিছিল ৰাকেশ পালে ।

লগতে উল্লেখ আছে কিদৰে ৰাকেশ পালক অনুৰোধৰ ভিত্তিত এ পি এছ চিৰ অধ্যক্ষ নিযুক্তি দিছিল প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । অৱশ্যে মন কৰিবলগীয়া যে অখিল গগৈ-কমল মেধি আৰু তৰুণ গগৈ-গৌৰৱ গগৈ প্ৰসংগত থকা উল্লেখখিনি আয়োগৰ মতামত নহয় । কেলেংকাৰীটোত ৰাকেশ পালৰ সহযোগী অভিযুক্তই আয়োগৰ আগত দিয়া ভাষ্যহে, যি কথা সন্নিৱিষ্ট হৈছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত ।

অখিল গগৈৰ হৈ কমল কুমাৰ মেধিয়ে লৈছিল নেকি টকা :

তদন্ত আয়োগৰ প্ৰতিবেদনৰ দ্বিতীয় খণ্ডৰ ৫০৭ পৃষ্ঠাত সন্নিৱিষ্ট হৈছে বৰ্তমানৰ বিধায়ক অখিল গগৈ আৰু সেই সময়ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আৰু বৰ্তমানৰ বিজেপি নেতা কমল কুমাৰ মেধিৰ নাম । বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ সন্মুখত কেলেংকাৰীটোৰ অন্যতম অভিযুক্ত ডাঃ মৃগেন শইকীয়াৰ বিস্ফোৰক স্বীকাৰোক্তি । ডাঃ মৃগেন শইকীয়াৰ স্বীকাৰোক্তি যে ৰাকেশ পালৰ হৈ তেওঁ কাম কৰিছিল আৰু অখিল গগৈকো সাক্ষাৎ কৰিছিল ৰাকেশ পালৰ সৈতে লগ লগাই দিয়াৰ উদ্দেশ্যৰে ।

কিন্তু ৰাকেশ পালৰ সৈতে সাক্ষাৎ বাতিল কৰিছিল অখিল গগৈয়ে । তেতিয়াৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা কমল কুমাৰ মেধিক ৩ লাখ টকা দিয়া বুলি শৰ্মা আয়োগৰ ওচৰত সাক্ষ্য দিছে ডাঃ মৃগেন শইকীয়াই ।

অখিল-কমল প্ৰসংগত কি আছে ডাঃ মৃগেন শইকীয়াৰ ভাষ্যত:

Justice Biplab Sharma Commission report on APSC scam public
ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন (ETV Bharat Assam)

শইকীয়াই স্বীকাৰোক্তিত কয়, “মই এইটোও জানো যে ৰাকেশ কুমাৰ পালে আৰ টি আই কৰ্মী দুলাল বৰা আৰু কে এম এছ এছৰ প্ৰাক্তন নেতা কমল মেধিক ধন দিছিল । (এইখিনিতে মাজত দুলাল বৰা আৰু আই পি এছ বিষয়া গুৱাহাটীৰ তদানীন্তন এছ এছ পি এ পি তিৱাৰীৰ ধনৰ লেন-দেনৰ প্ৰসংগ উল্লেখ আছে) । ৩ লাখ টকা কে এম এছ এছৰ প্ৰাক্তন নেতা কমল মেধিক দিয়া হৈছিল, মোক পালে কে এম এছ এছৰ উপদেষ্টা অখিল গগৈৰ সৈতে যোগাযোগ কৰিবলৈ কৈছিল । সেই অনুসৰি গুৱাহাটীৰ চানমাৰীস্থিত তেওঁৰ বাসগৃহত তেওঁক লগ পাইছিলো ।"

লগতে তেওঁ কয়, "পাছলৈ তেওঁ পালৰ সৈতে ফোনযোগে কথা পাতিলে আৰু সেই মতে তেওঁলোকৰ বৈঠকৰ তাৰিখ নিৰ্ধাৰণ কৰা হ’ল । অৱশ্যে অখিল গগৈয়ে পিছত সেই বৈঠক বাতিল কৰি পালক কমল মেধিৰ সৈতে যোগাযোগ কৰিবলৈ কয় । সেই অনুসৰি মোক মেধিক লগ কৰাৰ দায়িত্ব অৰ্পণ কৰা হ’ল, মই ৩ লাখ টকা দি কামটো সমাপন কৰিলোঁ ।” ডাঃ মৃগেন শইকীয়াই এই ঘটনা ২০১৪ চনৰ বুলি বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ ওচৰত সাক্ষ্য দিছে ।

কমল মেধিক স্পষ্টীকৰণ দিবলৈ ৰাজহুৱাকৈ আহ্বান অখিলৰ :

প্ৰতিবেদনত নিজৰ নাম সাঙোৰ খোৱাৰ পিছত একালৰ কৃষক মুক্তি সংগ্ৰাম সমিতিত সহকৰ্মীৰূপে থকা কমল মেধিক বিষয়টোত স্পষ্টীকৰণ দিবলৈ আহ্বান জনাইছে অখিল গগৈয়ে । প্ৰাথমিক প্ৰতিক্ৰিয়া হিচাবে ফেচবুকত অখিল গগৈয়ে লিখিছে এইদৰে, “এ পি এছ চি কেলেংকাৰীৰ তদন্ত আয়োগৰ প্ৰতিবেদনৰ দ্বিতীয় খণ্ডৰ ৫০৭ পৃষ্ঠাত মোৰ নামত বৰ্তমানৰ বিজেপি নেতা কমল কুমাৰ মেধিয়ে ২০১৪ চনত ৩ লাখ টকা খোৱা বুলি ওলাইছে । কমল মেধিয়ে ৰাজহুৱাকৈ স্পষ্টীকৰণ দিয়ক।”

বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত কেলেংকাৰীটোৰ অন্যতম অভিযুক্ত আৰু পিছলৈ ৰাজসাক্ষী হোৱা ডাঃ মৃগেন শইকীয়াৰ লিপিবদ্ধ ভাষ্যই তোলপাৰ লগোৱাৰ পিছতেই অখিল গগৈয়ে জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই বৰ্তমানৰ বিজেপি নেতা কমল কুমাৰ মেধিয়ে স্পষ্ট কৰিলে নিজৰ স্থিতি । এয়া ষড়যন্ত্ৰ আখ্যা দি মেধিৰ ঘোষণা- তেওঁ কাষ চাপিব আইনৰ ।

সামাজিক মাধ্যমযোগে কমল কুমাৰ মেধিয়ে উল্লেখ কৰিলে, “বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত মোৰ নাম উল্লেখ কৰা দেখা পাইছো । কেলেংকাৰীত অভিযুক্ত শইকীয়া নামৰ লোকজনৰ ভাষ্যত মোৰ নাম উল্লেখ কৰা হৈছে । কোৱা হৈছে মই তিনি লাখ টকা লোৱাৰ কথা । মই স্পষ্ট কৰি দিও যে এ পি এছ চি কেলংকাৰীৰ নামত এনে একো মুঠেও হোৱা নাই । লোকজন মোৰ ওচৰলৈ আহিছিল । এজন বিশেষ ব্যক্তিয়ে মোৰ ওচৰলৈ তেওঁক লৈ আহিছিল । আহি কৈছিল যে তেওঁ অখিল গগৈৰ ঘৰৰ পৰা আহিছে । অখিলদাই মোক লগ কৰিবলৈ কৈছে । তেওঁৰ প্ৰস্তাৱটো হ’ল- ৰাকেশ পালে অখিলদা আৰু মোক লগ পাব বিচাৰে ।"

লগতে মেধিয়ে কয়, "তেখেতক মই স্পষ্টৰূপে কৈছিলো যে আমি এইদৰে কথা পাতিব নোৱাৰো । টকা-পইচা লোৱাটো এটা গোকাট মিছা কথা । মাত্ৰ দহ-পোন্ধৰ মিনিট সময় মই মানুহজনৰ সৈতে কথা পাতিছো । তাৰ পিছত জীৱনত মই মানুহজনক লগ পোৱা নাই । ঘটনাটো ২০১৪ ৰ বুলি কোৱা হৈছে । তাৰ পিছতো আমি বহুবাৰ এ পি এছ চিৰ বিৰুদ্ধে আন্দোলন কৰিছো । অখিল গগৈ আৰু মই জেললৈয়ো গৈছো । মোক কোনে কেতিয়া ক’ত টকা দিছিল এই বিষয়বোৰ লৈ মই ন্যায়ালয়ৰ কাষ চাপিম । অখিলদাই স্পষ্টীকৰণ দিব কৈছে, মই বিষয়টো স্পষ্ট কৰি দিছো, ইয়াত টকা-পইচাৰ লেন-দেনৰ কোনো কথাই নাহে । মই শীঘ্ৰে আইনৰ কাষ চাপিম ।

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত তৰুণ গগৈ-গৌৰৱ গগৈ প্ৰসংগ:

বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত কিদৰে সন্নিৱিষ্ট হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু তেওঁৰ সাংসদ পুত্ৰ গৌৰৱ গগৈৰ নাম ? এওঁলোক দুজনৰ নামো আয়োগৰ প্ৰতিবেদনত সন্নিৱিষ্ট হৈছে এ পি এছ চি কেলেংকাৰীত ৰাকেশ পালৰ মুখ্য দালালৰূপে অভিহিত ডাঃ মৃগেন শইকীয়াৰ সাক্ষ্যত ।

আয়োগৰ সন্মুখত ডাঃ মৃগেন শইকীয়াই তৰুণ গগৈ আৰু গৌৰৱ গগৈ প্ৰসংগত কোৱা ভাষ্য প্ৰতিবেদনৰ ৫০১ আৰু ৫০২ পৃষ্ঠাত উল্লেখ আছে এইদৰে, “...লাহে লাহে পালৰ সৈতে মোৰ সম্পৰ্ক আৰু অধিক গঢ় লৈ উঠিছিল আৰু তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰীৰ লগত এপইণ্টমেণ্ট ল’বলৈ কৈছিল । সেই অনুসৰি আগতীয়া অনুমতিৰে পাল ডাঙৰীয়াক কইনাধৰাত তেতিয়াৰ মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ লৈ গ’লো । সেয়া ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহৰ আশে পাশে সময়ৰ কথা । তাৰ পিছত পাল মোৰ লগত প্ৰায় প্ৰতি সপ্তাহতে মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছিল । পালে তেওঁক এ পি এছ চিৰ স্থায়ী অধ্যক্ষ পাতিবলৈ মুখ্যমন্ত্ৰীৰ পিছত লাগি থাকিবলৈ মোক অনুৰোধ কৰি আছিল । এনে সাক্ষাতৰ সময়ত পালে মুখ্যমন্ত্ৰীৰ বাবে উপহাৰ লৈ গৈছিল ।"

ভাষ্য প্ৰতিবেদনত আৰু উল্লেখ আছে, "মই জানো যে মুখ্যমন্ত্ৰীৰ পুত্ৰৰ বিয়াৰ সময়ত পালে পুত্ৰৰ বাবে চেইন, ৰিং, ব্ৰেছলেট আদি সোণৰ অলংকাৰ দিছিল । মুখ্যমন্ত্ৰীৰ এনে সাক্ষাতৰ সময়ত মই তেওঁক পালক এ পি এছ চিৰ স্থায়ী অধ্যক্ষ পাতিবলৈ অনুৰোধ কৰা আৰম্ভ কৰিলো । মুখ্যমন্ত্ৰীয়ে প্ৰয়োজনীয় কামবোৰ কৰাৰ আশ্বাস দি কিছুদিন অপেক্ষা কৰিবলৈ ক’লে । আমাৰ মুখ্যমন্ত্ৰীৰ সাক্ষাৎ অব্যাহত আছিল আৰু তেনে এটা সাক্ষাতত মুখ্যমন্ত্ৰীয়ে আমাক জনাইছিল যে তেওঁ ইতিমধ্যে ব্যক্তিগত বিভাগক নিৰ্দেশ দিছে যে ৰাকেশ পালক এ পি এছ চিৰ স্থায়ী অধ্যক্ষ নিযুক্তি সম্পৰ্কীয় ফাইলটো আগবঢ়াব লাগে । আচলতে ফাইলটোৰ প্ৰক্ৰিয়াকৰণ কৰা হৈছিল আৰু শেষত আইন বিভাগলৈ আহিছিল । গোটেই সময়খিনি মই ফাইলটোৰ গতিবিধি নিৰীক্ষণ কৰিছিলো ।”

বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ এই প্ৰতিবেদনৰ পৰা এটা কথা ধাৰণা কৰিব পাৰি যে ৰাকেশ পালে যথেষ্ট কৌশলেৰে এ পি এছ চিৰ স্থায়ী অধ্যক্ষৰ নিযুক্তি লাভ কৰিছিল । সক্ৰিয় সামাজিক সংগঠনৰূপে এ পি এছ চি কেলেংকাৰীক লৈ সক্ৰিয় ভূমিকা গ্ৰহণ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সংগঠনটোৰ নেতা অখিল গগৈক নিস্ক্ৰিয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল । ডাঃ মৃগেন শইকীয়াই দিয়া ভাষ্যৰ সত্যসত্যতাৰ প্ৰমাণ কি আছে সেয়াও এতিয়া বিচাৰ্যৰ বিষয় ।

লগতে পঢ়ক: কয়লা কেলেংকাৰীকে ধৰি কেইবাটাও বিষয়ত মুখ্যমন্ত্রীলৈ অজাপৰ পোনপটীয়া প্ৰশ্ন - AJP SLAMS ASSAM CM

জলবায়ু পৰিৱৰ্তন নে আন কিবা ? প্ৰৱাহিত নোনা নৈত নাই এডোঙাও পানী - NONA RIVER HAS DRIED UP

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.