Jorhat latest news: নিশাৰ আড্ডাত অতিষ্ঠ হৈ ৰাইজে মাতিলে আৰক্ষী, গতালে দুজনী ছোৱালী

By

Published : Jul 10, 2023, 8:38 PM IST

thumbnail

যোৰহাট, 10 জুলাই : আজিৰ যুৱ প্ৰজন্ম কোন দিশে ? দুপৰ নিশালৈকে সুৰাৰ ৰাগীত মাতাল হৈ ব্যক্তিগত আৱাসত কি কৰে একাংশ ছাত্ৰ-ছাত্ৰীয়ে । দূৰ-দূৰণিৰ পৰা যোৰহাটত পঢ়িবলৈ আহি একাংশ ছাত্ৰ-ছাত্ৰী দৰাচলতে লিপ্ত হৈছে কিহত ? এইবোৰ প্ৰশ্নই এতিয়া ভবাই তুলিছে সমাজৰ চিন্তিত ব্যক্তিসকলক ৷

বৰ্তমান সমাজ ব্যৱস্থাটোত এনেকুৱা হৈছে কোনেও কাৰো কথা নুশুনে, নাভাৱে ৷ সৰহভাগেই যেন ঋণাত্মক খবৰে আমি পাওঁ ৷ ইয়াৰ শুধৰণিৰ দায়িত্ব কিন্তু আমাৰ হাতেতই আছে ৷ শেহতীয়াকৈ যোৰহাটৰ এটা কাণ্ডই সকলোকে চিন্তিত কৰি তুলিছে ৷ এঘৰ মানুহলৈ যুৱক-যুৱতীৰ সঘন আহ-যাহ ৷ সুৰাৰ ৰাগীত মাতাল যুৱক-যুৱতীৰ চিঞৰ বাখৰে অতিষ্ঠ কৰে ওচৰ চুবুৰীয়াক ৷ বাৰম্বাৰ কৈ থকাৰ পিচতো গা নলৰিল মালিক পক্ষৰ ৷ অৱশেষত দেওবাৰৰ নিশা উপায়ন্তৰ হৈ কাষৰীয়াই মাতিলে পুলিচ ৷ পুলিচৰ আগত দুগৰাকী যুৱতীৰ কান্দোন ৷ ওচৰ চুবুৰীয়াৰ অভিযোগ যে প্ৰায়ে নিশা তেওঁলোকে মদ-ভাং খাই উৎপাত কৰে ৷ নিশাৰ চিঞৰ-বাখৰত অতিষ্ঠ তেওঁলোক ৷ সভ্য সমাজৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ এইসকল যুৱক-যুৱতীৰ বিৰুদ্ধে ৷ পিচে যুৱতী দুগৰাকীয়ে কোৱা মতে তেওঁলোক প্ৰায়ে তালৈ নাযায় ৷ প্ৰকৃত কথা তদন্তৰ অন্ততহে ওলাব ৷ 

লগতে পঢ়ক : Illegal liquor distilleries demolished: চাবুৱাৰ টকোবাম গাঁৱত চুলাই ভাটি উচ্ছেদ অভিযান মহিলাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.