thumbnail

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 9:55 AM IST

ETV Bharat / Videos

ড্ৰাগছ সেৱন পৰিহাৰ, পৰিৱেশ সংৰক্ষণৰ আহ্বানেৰে ৰাকেশে চাইকেলেৰে ভ্ৰমণ কৰিব সমগ্ৰ অসম

জোনাই, 27 নৱেম্বৰ : যি সময়ত একাংশ যুৱ প্ৰজন্মই ড্ৰাগছ সেৱন কৰি নিজৰ জীৱন ধ্বংসৰ দিশে নিছে তেনে সময়তে যুৱ প্ৰজন্মক ড্ৰাগছ সেৱন পৰিহাৰ কৰিবলৈ আহ্বান জনাই জোনাইৰ এজন যুৱকে এক চাইকেল যাত্ৰা আৰম্ভ কৰিছে ৷ জোনাইৰ লাইমেকুৰী বৰংগ গাঁৱৰ ৰাকেশ দলে নামৰ যুৱকজনে চাইকেলেৰ সমগ্ৰ অসম ভ্ৰমণ কৰিব ৷ ভ্ৰমণকালত ড্ৰাগছ সেৱনকাৰীসকলক ড্ৰাগছ পৰিহাৰ কৰাৰ আহ্বান আৰু পৰিৱেশ সংৰক্ষণৰ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা অনাৰ বাবে চেষ্টা কৰিব দলেয়ে ৷

দেওবাৰে পুৱাই টি এম পি কেৰ জোনাই জিলা সমিতিৰ কাৰ্যালয়ৰ প্ৰাংগণৰ পৰা দলেয়ে আৰম্ভ কৰে চাইকেল যাত্ৰা ৷ আনহাতে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, সাধাৰণ সদস্য পদুম ৰায়, টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰাজকুমাৰ মৰাঙৰ লগতে বহুলোকে ৰাকেশক শুভেচ্ছা জ্ঞাপন কৰে ৷ 

লগতে পঢ়ক : ধেমাজীবাসীৰ স্বাৰ্থত কাম কৰি যোৱাৰ সংকল্প আছুৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সদস্য বিকাশ মিছঙৰ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.