গোলাঘাটত য়ুথ জোড়ো যাত্ৰা, অংশগ্ৰহণ গৌৰৱ গগৈসহ বহু কংগ্ৰেছ নেতাৰ
🎬 Watch Now: Feature Video
গোলাঘাট, 30 নৱেম্বৰ : AIUDF ৰ লগত কংগ্ৰেছৰ দুই সাংসদ গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈয়ে মিত্ৰতা বিচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে ৷ কোনো কাৰণতে কংগ্ৰেছ আৰু AIUDF ৰ মিত্ৰতা নহয় বুলি স্পষ্ট মত সাংসদগৰাকীৰ ৷ আনহাতে পাব্লিক একাউণ্ট কমিটিৰ অধ্যক্ষ পদ নুৰুল হুদাক দিয়াক লৈও কংগ্ৰেছ দুটা ভাগত বিভক্ত হোৱা নাই বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷
গগৈয়ে কয় যে মাত্ৰ এজন বিধায়কেহে ইয়াৰ বিৰোধিতা কৰিছে ৷ ইফালে দেৱব্ৰত শইকীয়াই যদি নিজে বিচাৰে তেতিয়া নুৰুল হুদাই পদটোৰ পৰা পদত্যাগ কৰিব বুলি জানিবলৈ দিয়ে গগৈয়ে ৷ উল্লেখ্য যে গোলাঘাট জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা নগৰৰ মাজমজিয়াৰে প্ৰায় সহস্ৰাধিক কংগ্ৰেছ নেতা-কৰ্মীৰ অংশগ্ৰহণেৰে বৃহস্পতিবাৰে বাহিৰ কৰা হয় য়ুথ জোড়ো যাত্ৰা ৷
উক্ত য়ুথ জোড়ো যাত্ৰাত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা, বটদ্ৰৱা সমষ্টিৰ বিধায়ক শিৱামণি বৰা, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা, লাহৰীঘাট সমষ্টিৰ বিধায়ক ড৹ আচিফ নজৰ, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুৱেৰ আনম মজুমদাৰ, অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি সাগৰিকা বৰা, সম্পাদক বিতুপন শইকীয়া, জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে, জিলা যুৱ কংগ্ৰেছৰ দেৱপ্ৰতিম ফুকন আদিকে ধৰি ভালেসংখ্যক দলীয় নেতাই অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : ৫ ৰাজ্যৰ এখনতো বিজেপি জয়ী নহয়: অশোক গেহলট