Majuli boy hospitalized in Hyderabad: মাজুলী গায়নগাঁৱৰ এটা পৰিয়ালত কান্দোনৰ ৰোল

By

Published : Jun 7, 2023, 4:48 PM IST

thumbnail

মাজুলী, 7 জুন: মাজুলীৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী ৷ কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলা অংকু কলিতা নামৰ যুৱক এজন বৰ্তমান অসুস্থ (Majuli Gayangaon) ৷ বহিঃৰাজ্যৰ চিকিৎসালয়ত ভৰ্তি হৈ থকা অংকু কলিতাৰ নামৰ যুৱকজনৰ চিকিৎসাৰ বাবে প্ৰয়োজন বৃহৎ পৰিমাণৰ ধন ৷ কিন্তু দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ক’ৰ পৰা যোগাৰ কৰিব পুত্ৰৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন (Need for healthcare) ৷ তাকৈ লৈ চিন্তিত অংকু কলিতাৰ পিতৃ-মাতৃ ৷

মাজুলী গায়নগাঁৱৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ এতিয়া দুখে কোলাই পাচি নধৰা অৱস্থা ৷ নবীন কলিতা আৰু ধুনীকণ কলিতাৰ এক মাত্ৰ পুত্ৰৰ অংকু কলিতা চিকিৎসাধীন হৈ আছে বৰ্তমান হাইদৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৷ মাহে 15 হাজাৰ টকা দৰমহা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া ব্যক্তিগত প্ৰতিষ্ঠানে মাত্ৰ 5 হাজাৰ টকা দৰমহাহে প্ৰদান কৰিছিল । 5 হাজাৰ টকাৰে আৰ্থিক অভাৱ পূৰণ কৰিব নোৱাৰি অংকুৱে 8 মাহৰ পূৰ্বে হায়দৰাবাদৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মত যোগ দিয়ে । কিন্তু দুৰ্ভাগ্যই লগ নেৰা অংকু কলিতা অসুস্থ হৈ পৰে । ইফালে এক মাত্ৰ পুত্ৰৰ চিকিৎসাৰ বাবে সা-সম্পত্তি বিক্ৰী শেষ কৰিলে অংকুৰৰ পিতৃ মাতৃয়ে । বৰ্তমানেও অসুস্থ পুত্ৰৰ চিকিৎসাৰ বাবে অংকুৰৰ পিতৃ মাতৃয়ে যোগাৰ কৰিব পৰা নাই পৰ্যাপ্ত ধন ৷ সেয়ে অসহায় অংকুৰ পিতৃ মাতৃয়ে মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়ক ভূৱন গামৰ পৰা সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে (Assam CM Himanta Biswa Sarma) ৷ ল’ৰাটোক সুস্থ কৰি ঘৰলৈ ঘূৰাই অনাত যাতে সহায় কৰে তাৰ বাবে মাজুলীৰ বিধায়ক আৰু মুখ্যমন্ত্ৰীগৰাকীলৈ কাতৰ আহ্বান অংকুৰ পিতৃ মাতৃৰ (Majuli MLA Bhuban Gam) । যদিহে কোনো ব্যক্তিয়ে সহায় কৰিব বিছাৰে তেতিয়া হ’লে 84530-68953 নম্বৰত যোগাযোগ কৰিব অথবা A/C NO 1320010309080 IFSC- PUNB0132020ত আৰ্থিক সহায় কৰিব পাৰে ৷ 

লগতে পঢ়ক:Frog Marriage: বৰষুণ লাগে! তিতাবৰত ভেকুলী বিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.