নামৰূপত যুৱ বিকাশ আলোচনাচক্ৰ অনুষ্ঠিত - Seminar in Namrup
🎬 Watch Now: Feature Video
Published : Jan 7, 2024, 2:17 PM IST
মৰাণ,৭ জানুৱাৰী: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যুৱ প্ৰজন্মক দক্ষতা বিকাশৰ বাবে ইতিমধ্যেই বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে । দেশৰ নিবনুৱা সমস্যা হ্ৰাস কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে । ইয়াৰ মাজতে নতুন প্ৰজন্মক কৰ্ম সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰিবলৈ নামৰূপত অনুষ্ঠিত কৰা হয় যুৱ বিকাশ আলোচনা চক্ৰ ।
শনিবাৰে বিয়লি ভাগত মিলন চ'ৰা নামৰূপৰ উদ্যোগত আৰু অসম পেট্ৰ'কেমিকেল লিমিটেডৰ সহযোগত এ পি এল অফিচাৰ্চ ক্লাৱত অনুষ্ঠিত হয় উদ্যোগী মানসিকতা, নিয়োগ যোগ্যতাৰ দক্ষতা বিকাশ বৃদ্ধি কৰা আৰু জলবায়ু পৰিৱৰ্তন প্ৰভাৱৰ বিষয়ত 'যুৱ বিকাশ আলোচনা চক্ৰ' । এই অনুষ্ঠান শুভ উদ্বোধন কৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে । অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মিলন চৰা, নামৰূপৰ সভাপতি শ্ৰী যুগল কিশোৰ মহন্ত, বাহুবলী কণী আৰু সাঁজৰ প্ৰতিষ্ঠাপক আকাশ গগৈ, সত্যেন্দ্ৰ মাধৱ মহন্ত আৰু শুভজিত দত্ত ।
লগতে পঢ়ক: 9 বছৰতো সম্পূৰ্ণ নহ'ল কলিয়াবৰৰ কোটি টকীয়া উৰণ সেতু