thumbnail

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 9:51 PM IST

ETV Bharat / Videos

ব্যৱসায়ীক ধন দাবী কৰিবলৈ আহি পিষ্টলসহ আটক যুৱক

মৰাণ, 17 ডিচেম্বৰ : চৰাইদেউ জিলাৰ সোণাৰিত পিষ্টলসহ এজন যুৱকক আটক আৰক্ষীৰ । ঘটনাৰ বিৱৰণী অনুসৰি, কেইদিনমান পূৰ্বে সোণাৰিৰ টীয়ক ৰজাবাৰীত এজন ক্ষুদ্ৰ ব্যৱসায়ীক পিষ্টল দেখুৱাই 5000 টকা দাবী কৰে ৷ কিন্তু লোকজনে দিব নোৱাৰো বুলি কোৱাত ধন দাবী কৰা যুৱকজনে পুনৰ অহাৰ কথাৰ কৈ গুচি যায় ৷ তাৰ পিচতে পুনৰ দেওবাৰে, যুৱকজনে ব্যৱসায়ীজনৰ গেলামালৰ দোকানলৈ আহি পুনৰ ধন দাবী কৰে ৷ 

কিন্তু এইবাৰ ব্যৱসায়ীজনে পুত্ৰৰ সৈতে লগ লাগি ধন দাবী কৰিবলৈ অহা যুৱকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধনদাবী কৰা যুৱকজন লক্ষ্য চেতিয়া বুলি জানিব পৰা গৈছে ৷ বৰ্তমান ধৃত যুৱকজনক সোণাৰি আৰক্ষী থানাত সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে । ধৃত লক্ষ্য চেতিয়াৰ ঘৰ চৰাইদেউ ৰংছোৱাল চাংমাই গাঁৱত বুলি জানিব পৰা গৈছে । যুৱকজনৰ পৰা এখন স্কুটী জব্দ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: মহানগৰীৰ লাল গণেশত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে ছাঁই হ’ল বহু সম্পত্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.